নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : ভাৰতৰ বেছিভাগ ঠাইৰ মানুহে জানুৱাৰী মাহটোত শীতৰ কবলত পৰাৰ পিছতেই ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনালে এটা দুঃসংবাদ৷ চলিত মাহত বতৰৰ তাপমান বৃদ্ধি পাব আৰু জলবায়ু শুকান হৈ পৰিব বুলি জনাইছে বতৰ বিজ্ঞান বিভাগে৷ জলবায়ুৰ এনে পৰিৱর্তনৰ ফলত তেল বা গম খেতিৰ ওপৰত প্রভাৱ পৰাৰ আশংকা কৰা হৈছে৷
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ফেব্রুৱাৰী মাহত কেৱল বৰষুণৰ পৰিমাণেই কম নহ’ব, বৰং সর্বনিম্ন আৰু সর্বোচ্চ তাপমাত্রাও স্বাভাৱিকতকৈ বেছি হ’ব পাৰে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক মৃত্যুঞ্জয় মহাপাত্রই এই সন্দর্ভত কয়– ‘সমগ্র দেশতে ফেব্রুৱাৰী মাহটোত স্বাভাৱিকতকৈও কম বৃষ্টিপাতৰ সম্ভাৱনা আছে৷ ফলত, বৃদ্ধি পাব তাপমাত্র৷ এনে পৰিস্থিতিত গম বা যবৰ দৰে খেতি সময়তকৈ আগতেই পকিব পাৰে৷ ফলত, শস্যৰ ক্ষতি হোৱাৰ লগতে হ্রাস হ’ব পাৰে ফচল৷ কোনো কোনো ঠাইত বৰষুণৰ পৰিমাণ স্বাভাৱিবতকৈও কম হ’ব পাৰে বুলি পূর্বাভাস দিছে বতৰ বিজ্ঞান বিভাগে৷ মূলতঃ উত্তৰ–পশ্চিম ভাৰত, পূব আৰু পশ্চিম উত্তৰ প্রদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, পঞ্জাব, হিমাচল প্রদেশ, জম্মু আৰু কাশ্মীৰ, লাডাখ, চণ্ডীগড় আৰু দিল্লীত ফেব্রুৱাৰী মাহত স্বাভাৱিকতকৈও কম বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷’
তেওঁ আৰু কয়– ‘ডিচেম্বৰ আৰু জানুৱাৰীত বেছিভাগ সময় পশ্চিমী বতাহ নথকাত পশ্চিম হিমালয় অঞ্চলত শুকান শীতকাল দেখিবলৈ পোৱা গৈছে৷’ তেওঁ লগতে জনায় যে সময়ৰ লগে লগে এইবোৰ অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ কম হোৱাৰ প্রৱণতা লক্ষ্য কৰা গৈছে৷ জলবায়ু পৰিৱর্তনৰ বাবে এনে পৰিৱর্তন হ’ব বুলি তেওঁ জনায়৷