নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাকুমৰ শংকৰদেৱ শিশু নিকেতনত ফ্ৰান্স, ইটালীৰ পৰ্যটকৰ আগমন

আজি মাকুমৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনৰ শৈক্ষিক কাৰ্যসূচীৰ মাজতেই ফ্ৰান্স, ইটালী আদিৰ কেইবাগৰাকী পৰ্যটক আহি ছাত্ৰ ছাত্ৰীসকলৰ লগত এক অন্তৰংগ আলাপত মিলিত হৈ শৈক্ষিক প্ৰতিষ্ঠানখনৰ বুজ লয়।

মাকুমৰ শংকৰদেৱ শিশু নিকেতনখনৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰে কৰা আতিথ্যত আপ্লুত হয় বিদেশী পৰ্যটকৰ দলটি। নিকেতনৰ মান সু- নিশ্চিতকৰণৰ প্ৰয়াসে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংঘবদ্ধ শিশু শিক্ষা সমিতিৰ উদ্যোগত আজিৰে পৰা ৬ ফেব্ৰুৱাৰীলৈকে সদৌ অসম, তথা উত্তৰ-পূৰ্বাঞ্চলত আৰম্ভ হৈছে উৎকৰ্ষ মহোৎসৱ-২০২৬।়

নিকেতনৰ শিৱসাগৰ বিভাগ, তিনিচুকীয়া সংকুলৰ অধীনত থকা মাকুম শংকৰদেৱ শিশু বিদ্যা নিকেতনত আজি অনুষ্ঠিত হয় এই উৎকৰ্ষ মহোৎসৱ-২০২৬। বিদ্যালয়ত উৎকৰ্ষ মহোৎসৱ কাৰ্যসূচীৰ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত ফ্ৰান্স, ইটালীৰ এটি ৭জনীয়া পুৰুষ মহিলাসহ পৰ্যটকৰ দল তিনিচুকীয়াৰ পৰা ডিগবৈ অভিমুখে যোৱাৰ পথত বিদ্যালয়তখনিত প্ৰৱেশ কৰে।

পৰ্যটকৰ দলক দেখা পাই বিদ্যালয়ৰ তৰফৰ পৰা চন্দনৰ তিলক আৰু অসমৰ স্বাভিমান ফুলাম গামোচাৰে স্বাগতম জনোৱা হয়। লগতে পৰ্যটকৰ দলৰ জেষ্ঠ ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। বিদ্যালয়ৰ মান নিৰীক্ষণৰ বাবে অহা তিনিচুকীয়া গেলাপুখুৰীৰ ৫জনীয়া দলটিকো স্বাগতম জনোৱাৰ লগতে নিকেতন পৰা প্ৰেৰিত  নিৰ্ণায়ন পত্ৰ নিৰীক্ষণৰ দলক হস্তান্তৰ কৰে মাকুম শংকৰদেৱ শিশু বিদ্যা নিকেতন প্ৰধান আচাৰ্য মোহন কুমাৰ ছেত্ৰীয়ে।

নিয়মীয়া বাৰ্তা, মাকুম, ৪ ফেব্ৰুৱাৰী

You might also like