ডিজিটেল ডেস্ক, ৫ ফেব্ৰুৱাৰী : কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু তেওঁৰ ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্নৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অসমৰ ৰাজনীতিত পুনৰ তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু তেওঁৰ ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্নৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীৰ দাবী অনুসৰি, গৌৰৱ গগৈৰ পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে। এলিজাবেথ কলবাৰ্নৰ পাকিস্তানত এতিয়াও সক্ৰিয় বেংক একাউণ্ট আছে । আজি কেৱল ইংগিত এটাহে দিছোঁ, বাকী সকলোখিনি ৮ ফেব্ৰুৱাৰীত ক’ম বুলিও কয় মুখ্য়মন্ত্ৰী ড০ শৰ্মাই।
আজি আজাৰা বিমানবন্দৰ মণ্ডলৰ ৩২ নম্বৰ বুথত আয়োজিত বিজেপিৰ ‘বুথ বিজয় সভা’ত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড° শৰ্মাই এই বিষয়টোক অত্যন্ত “বিপজ্জনক” বুলি অভিহিত কৰে । এজন ব্যক্তিৰ পাকিস্তানৰ সৈতে এনে ধৰণৰ আৰ্থিক লেনদেন থকাৰ আঁৰত কি ৰহস্য থাকিব পাৰে, তাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।
তদুপৰি যোৱা ৪ ফেব্ৰুৱাৰীত গুৱাহাটীত সংবাদমেল পাতি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে “অসত্য আৰু মানহানিকাৰক” মন্তব্য কৰাৰ বাবে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, জীতেন্দ্ৰ সিং আৰু ভূপেশ ৱাঘেলৰ বিৰুদ্ধে ৯ ফেব্ৰুৱাৰীত আইনী গোচৰ তৰিব বুলিও তেওঁ ঘোষণা কৰে ।
একেদৰে কংগ্ৰেছে মুকলি কৰা হিমন্ত বিশ্ব শৰ্মাবিৰোধী ৱেবছাইটটো ৩০ মিনিটৰ ভিতৰতে বিকল হোৱা ঘটনাক লৈও তেওঁ সমালোচনা কৰে । তেওঁৰ মতে, ৰাজীৱ ভৱন এতিয়া “অসমবিৰোধী” চিন্তাধাৰাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।