শ্বাসৰুদ্ধকৰ মেচত কথমপি জয় ইংলেণ্ডৰ
মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত টি–২০ বিশ্বকাপত অনুষ্ঠিত এখন মেচত নেপালৰ বিৰুদ্ধে কথমপি জয়ী হয় দুবাৰৰ বিশ্ব চেম্পিয়ন ইংলেণ্ড৷ প্রথমবাৰলৈ বিশ্বকাপ ক্রিকেটত অংশগ্রহণ কৰা নেপালে মেচখনত ইংলেণ্ডৰ বিৰুদ্ধে পৰাক্রম দেখুৱায় যদিও ৪ ৰানত স্তব্ধ হৈ পৰে দলটোৰ গতি৷
প্রথমে বেটিং কৰি ইংলেণ্ডে নির্ধাৰিত ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৮৪ ৰান সংগ্রহ কৰে৷ ইফালে, ১৮৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি নেপাল দলৰ অ’পেনাৰ আছিফ শ্বেইখৰ উইকেট সোনকালে হেৰুৱালেও বাকীকেইজন টপ অর্ডাৰ বেটছমেনে সুন্দৰ প্রদর্শন কৰে৷ অধিনায়ক ৰোহিত পৌঢ়েলে ৩৯ ৰান, কুশল ভূর্টেলে ২৯ ৰান, দ্বীপেন্দৰ সিং আইৰিয়ে ৪৪ ৰান আৰু লোকেশ বামে ৩৯ ৰানৰ বৰঙণিৰে দলটোক জয়ৰ দিশে আগুৱাই নিয়ে যদিও নির্ধাৰিত অভাৰত ৬ উইকেট হেৰুৱাই ১৮০ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷
অন্তিম অভাৰত দলটোক ১০ ৰানৰ প্রয়োজন হোৱাৰ সময়ত একপ্রকাৰ জয়ৰ দুৱাৰডলিত উপনীত হৈছিল নেপাল৷ অৱশ্যে ছেম ক’ৰনৰ নিয়ন্ত্রণ বলিঙত কেৱল ৫ ৰানে সংগ্রহ কৰে নেপালে৷ ফলত ৪ ৰানৰ বাবেই বিশ্বকাপত এক অঘটনৰ ঘটোৱাৰ পৰা থমকি ৰয় নেপালী দলটো৷ ১৮টা বলত ৩৯ ৰান সংগ্রহ কৰাৰ লগতে এটা উইকেট দখল কৰা উইল জেকে মেন অৱ দ্য মেচ সন্মান লাভ কৰে৷
ডিজিটেল ডেস্ক, ৯ ফেব্ৰুৱাৰী