নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপ : স্কটলেণ্ডৰ হাতত পৰাস্ত ইটালী

ফুটবলৰ জগতত দপদপাই থাকিলেও ক্ৰিকেটৰ পথাৰত আৰম্ভণি সুখকৰ নহল ইটালীৰ। ইউৰোপৰ দেশ ইটালীয়ে সততে বিশ্বমঞ্চত ফুটবলত নিজৰ আধিপত্য বজাই ৰাখিছে। সেই ধাৰাক সাৰথি কৰি এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্ব ক্ৰিকেটত ভুমুকি মাৰিছিল ইটালীয়ে। পিছে কম অভিজ্ঞতা আৰু চাপ সহাৰ ইতিহাস নথকা দলটোৱে ২০৮ ৰানৰ লক্ষ্যৰ পিছ লৈ খেলি ৭৩ ৰানত বিশ্বকাপৰ প্ৰথম মেচতে পৰাস্ত হবলগীয়া হল।

চলি থকা টি-২০ বিশ্বকাপৰ উত্তেজনাপূৰ্ণ মেচত স্কটলেণ্ডে শক্তিশালী বেটিং প্ৰদৰ্শনেৰে প্ৰথম ইনিংছত ৪ উইকেটত ২০৭ ৰান সংগ্ৰহ কৰে। টছত জিকি ইটালীয়ে প্ৰথমে বলিং লোৱাৰ সিদ্ধান্ত লয় যদিও স্কটিছ বেটাৰসকলে আৰম্ভণিৰ পৰা আধিপত্য বিস্তাৰ কৰে।

ইনিংছৰ আৰম্ভণিতে জৰ্জ মুনচিয়ে অপেনিঙত দায়িত্বশীল আৰু আক্রমণাত্মক বেটিঙেৰে দলটোক মজবুত আৰম্ভণি দিয়ে। পৰৱৰ্তী সময়ত ব্ৰেণ্ডন মেকমুলেনে বিস্ফোৰক ৰূপ ধৰি মাত্ৰ ১৮টা বলত অপৰাজিত ৪১ ৰান সংগ্ৰহ কৰে। শেষ অভাৰটোত মাইকেল লিস্কে মাত্ৰ ৫টা বলত অপৰাজিত ২২ ৰান কোবাই স্কটলেণ্ডক ২০০ ৰানৰ সীমা অতিক্ৰম কৰোৱায়।

ইটালীৰ বাবে আৰম্ভণিতেই কঠিন হৈ পৰে, কিয়নো দলটোৰ অধিনায়ক ৱেইন মাডছেন আঘাতপ্ৰাপ্ত হৈ খেলৰ পৰা আঁতৰি যাব লগা হয়। উল্লেখযোগ্য যে, এই মেচখন আছিল ইটালীৰ বাবে ICC টুৰ্নামেণ্টত ঐতিহাসিক আত্মপ্ৰকাশ।

উল্লেখ্য, স্কটলেণ্ডে আগৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাজয়বৰণ কৰিছিল আৰু এই মেচত জয়েৰে টুৰ্নামেণ্টত গতি লাভ কৰাৰ লক্ষ্য লৈ ফিল্ডত নামিছিল। আনফালে, ইউৰোপীয় যোগ্যতা পৰ্ব অতিক্ৰম কৰি বিশ্বকাপত প্ৰৱেশ কৰা ইটালী দলটো অভিজ্ঞতা আৰু বৈচিত্ৰ্যৰে ভৰপূৰ যদিও স্কটলেণ্ডে পূৰ্বৰ পৰাজয়ৰ প্ৰতিশোধ ল’বলৈ দৃঢ় প্ৰতিজ্ঞ দেখা গৈছে।

কিন্তু লক্ষ্যৰ পিছ লৈ খেলা ইটালীয়ে মাত্ৰ ১৩৪ ৰানতে ইনিংছ সামৰি পৰাজয়বৰণ কৰে। দলটো ৭৩ ৰানত বশ্যতা স্বীকাৰ কৰে স্কটিছ বাহিনীৰ হাতত।

ডিজিটেল ডেস্ক, ৯ ফেব্ৰুৱাৰী

You might also like