গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ টুইট
কংগ্ৰেছ নেতা গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সত এটা গুৰুত্বপূৰ্ণ টুইট কৰি ৰাজনৈতিক মহলত চাঞ্চল্য সৃষ্টি কৰিছে। গৌৰৱ গগৈৰ সংবাদ মেলৰ ঠিক পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই পোষ্টটো দি তেওঁৰ তক্ষশীলা ভ্ৰমণক লৈ একাধিক গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।
মুখ্যমন্ত্ৰী ড° শৰ্মাই টুইটত উল্লেখ কৰে যে গৌৰৱ গগৈয়ে সংবাদ মেলত যি তথ্য প্ৰকাশ কৰিলে, সেই তথ্য আগতে তেওঁ নিজেও নাজানিছিল। তেওঁ লিখে যে প্ৰাচীন তক্ষশীলা ইছলামাবাদত নহয়, বৰং পাঞ্জাবৰ ৰাৱালপিণ্ডি জিলাত অৱস্থিত। এই তথ্যই এক গুৰুতৰ আৰু অনিবাৰ্য প্ৰশ্ন উত্থাপন কৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

ড° হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান ভিছাক লৈও প্ৰশ্ন তোলে। তেওঁ লিখে যে যদি গৌৰৱ গগৈৰ পাকিস্তান ভিছাত স্পষ্টভাৱে কেৱল লাহোৰ, কৰাচী আৰু ইছলামাবাদ ভ্ৰমণৰ অনুমতিহে আছিল, তেন্তে ইছলামাবাদ ৰাজধানী ভূখণ্ডৰ বাহিৰত আৰু ৰাৱালপিণ্ডি জিলাৰ ভিতৰত অৱস্থিত তক্ষশীলা তেওঁ কেনেকৈ ভ্ৰমণ কৰিলে?
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, পাকিস্তানৰ প্ৰব্ৰজন নিয়ম অনুসৰি ভিছাত উল্লেখ নথকা চহৰৰ বাহিৰলৈ যাত্ৰা কৰিবলৈ বিশেষ অনুমোদন প্ৰয়োজন। সেই পৰিপ্ৰেক্ষিততে তেওঁ প্ৰশ্ন তোলে—ৰাৱালপিণ্ডি জিলাৰ বাবে ভিছা ক্লিয়াৰেন্স আপাত দৃষ্টিত নথকা সত্ত্বেও গৌৰৱ গগৈক তক্ষশীলালৈ যোৱাৰ সুবিধা কোনে দিলে?
ড° শৰ্মাই লগতে উল্লেখ কৰে যে ৰাৱালপিণ্ডিতেই পাকিস্তান সেনাৰ মুখ্য কাৰ্যালয় অৱস্থিত, যিটো ভাৰতৰ বাবে অতি স্পৰ্শকাতৰ বিষয়। এই সমগ্ৰ ঘটনাই দেশৰ নিৰাপত্তা আৰু কূটনৈতিক নিয়ম সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীৰ টুইটত উল্লেখ আছে।
ডিজিটেল ডেস্ক, ৯ ফেব্ৰুৱাৰী