BCCI-ৰ বার্ষিক চুক্তিত বি গ্রেডলৈ অৱনমিত কোহলি–ৰোহিত, উমাৰ স্থান লাভ
বিচিচিআইৰ বার্ষিক চুক্তিত ‘বি’ গ্রেডলৈ অৱনমিত হ’ল ভাৰতীয় দলটোৰ দুই জ্যেষ্ঠ তাৰকা ক্রিকেটাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মা৷ ব’র্ডে ২০২৫–২৬ বর্ষৰ বাবে খেলুৱৈৰ চুক্তি তালিকা প্রকাশ কৰিছে৷ পূর্বতে এ প্লাছত থকা ৰোহিত শর্মা আৰু বিৰাট কোহলিক এইবাৰ ‘বি’ গ্রেডত স্থান দিয়া হৈছে৷
মন কৰিবলগীয়া যে এইবাৰৰ বার্ষিক চুক্তিত এ প্লাছ শিতানটো বাতিল কৰিছে ব’র্ডে৷ ইফালে, ব’ৰ্ডৰ বার্ষিক চুক্তিৰ পৰা বাহিৰ হ’ল তাৰকা পেচ বলাৰ মহম্মদ ছামি৷ এইবাৰৰ গ্রেড ‘এ’ত গিল, বুমৰাহ আৰু জাডেজাক স্থান দিয়া হৈছে৷
কোহলি আৰু ৰোহিতৰ সৈতে গ্রেড ‘বি’ত আছে লোকেশ ৰাহুল, ৱাশ্বিংটন সুন্দৰ, মহম্মদ চিৰাজ, হার্দিক পাণ্ডিয়া, ঋষভ পণ্ট, কুলদীপ যাদৱ, যশস্বী জয়ছোৱাল, সূর্যকুমাৰ যাদৱ আৰু শ্রেয়াছ আয়াৰ৷
ইপিনে অক্ষৰ, তিলক, ৰিংকু, ডুবে, ছেমছন, অর্শদীপ, প্রসিদ্ধ, আকাশদীপ, জুৰেল, হর্ষিত, বৰুণ, নীতিশ, অভিষেক, সুদর্শন, বিষ্ণই আৰু ঋতুৰাজে গ্রেড ‘চি’ত স্থান লাভ কৰিছে৷
আনহাতে, মহিলা শাখাৰ কেন্দ্রীয় চুক্তি প্রকাশ কৰিছে ব’র্ডে৷ অসম কন্যা উমা চেত্রীয়ে গ্রেড ‘চি’ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী