নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫০০ কোটি টকাৰ লোকচানৰ পৰা ৰক্ষা পৰিল আইচিচি

চলিত টি–২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে খেলিবলৈ সন্মত হোৱাত ক্রিকেট জগতখন বৃহৎ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিল৷ জানিব পৰা মতে এই মেচখন অনুষ্ঠিত নহ’লে আইচিচিৰ ১৫০০ কোটিৰো অধিক লোকচান হ’লহেঁতেন৷

এক সূত্রৰ মতে, যদি ১৫ ফেব্রুৱাৰীৰ খেলখন অনুষ্ঠিত নহ’লহেঁতেন তেন্তে আইচিচিৰ ১৭৪ মিলিয়ন ডলাৰ লোকচান হ’লহেঁতেন৷ ভাৰতীয় মুদ্রাত এই ধনৰাশি ১,৫৭৫ কোটি ৬১ লাখ ৩৫ হাজাৰ টকা৷ ক্রিকেট খেলা দেশসমূহেও এই ক্ষতিৰ পৰা ৰক্ষা পৰিল৷

কাৰণ, আইচিচিয়ে যদি এই বৃহৎ লোকচানৰ সন্মুখীন হ’লহেঁতেন, তেন্তে সদস্য দেশসমূহেও বহুত কম ধন লাভ কৰিলেহেঁতেন৷ সম্প্রচাৰ কোম্পানী, টিকটৰ ধন আৰু অন্যান্য পৃষ্ঠপোষকতাকে ধৰি মুঠ সম্ভাব্য লোকচান প্রায় ১৭৪ মিলিয়ন ডলাৰ হ’লহেঁতেন৷

সোমবাৰে নির্ধাৰিত সময়সূচীমতে ভাৰত–পাকিস্তানৰ মেচ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ কিছু মিনিটৰ ভিতৰতে কলম্বোগামী বিমানৰ ভাৰা ১০ হাজাৰৰ পৰা ৬০ হাজাৰ টকালৈ বৃদ্ধি পায়৷ সোমবাৰে নিশা পাকিস্তান চৰকাৰে ঘোষণা কৰে যে বিশ্বকাপত নির্ধাৰিত সময়সূচী অনুসৰি ভাৰতৰ বিৰুদ্ধে খেলখন খেলিব৷

পাকিস্তান ক্রিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে প্রধানমন্ত্রী শ্বাহবাজ শ্বৰীফক সাক্ষাৎ কৰে৷ ইয়াৰ পূর্বে দেওবাৰে নাকভিয়ে আইচিচি আৰু বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ সৈতে বৈঠকত মিলিত হয়৷

নাকভিয়ে কয় যে বিচিবিয়ে পাকিস্তানক ভাৰতৰ সৈতে খেল খেলিবলৈ অনুৰোধ জনাইছে৷ সংযুক্ত আৰব আমিৰশ্বাহী আৰু শ্রীলংকাৰ পৰাও একেই অনুৰোধ আহিছিল৷ এই অনুৰোধৰ পিছত পাকিস্তানৰ শীর্ষ নেতৃত্বই মেচখন খেলাৰ সিদ্ধান্ত লয়৷

পাকিস্তান চৰকাৰে এক বিবৃতিত কয়, ‘বন্বুূত্বপূর্ণ দেশসমূহৰ বিভিন্ন আলোচনা আৰু অনুৰোধৰ অন্তত পাকিস্তান চৰকাৰে দেশৰ ক্রিকেট দলটোক ভাৰতৰ বিৰুদ্ধে খেলাৰ অনুমতি দিয়ে৷ ক্রিকেটৰ সংস্কৃতি ৰক্ষা আৰু সদস্য দেশসমূহৰ মাজত ক্রিকেটক অধিক জনপ্রিয় কৰি তোলাৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷’

পাকিস্তানৰ প্রধানমন্ত্রীয়ে দেশৰ ক্রিকেট দলক অভিনন্দন জ্ঞাপন কৰে৷ ক্রিকেটাৰসকলে খেলপথাৰত ক্রীড়াপ্রেমী আচৰণ বজাই ৰাখিব বুলি তেওঁ আশা প্রকাশ কৰে৷

ডিজিটেল ডেস্ক, ১১ ফেব্ৰুৱাৰী

You might also like