নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ ফেব্রুৱাৰী, মাঘ মাহৰ ২৯ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণা দশমী, নক্ষত্র : জ্যোষ্ঠা, যাত্রা : নাই

মেষ : মজলীয়া ফল৷ বাঞ্ছিত কর্মত কিছু অগ্রগতি৷ ভাই–ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা৷ সু–সংবাদ লাভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৪৷

বৃষ : বন্ধুবর্গৰ পৰা উৎসাহ পাব৷ কোনোৱে আকস্মিক চিন্তাত পৰিব পাৰে৷ দাম্পত্যত বুজাপৰাৰ অভাৱ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫৷

মিথুন : পূর্বৰ দিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ৷ কোনো কর্মৰ ফলস্বৰূপে মনত শান্তি আহিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷

কর্কট : ব্যৱহাৰিক ক্ষেত্রত আপোনাৰ দক্ষতা থাকিব৷ আত্মীয়ৰ বাবে কিছু দুর্ভাবনা থাকিব৷ বাকী দিশ মোটামুটি ভালেই দেখা যায়৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

সিংহ : পঢ়াত মধ্যম ফল পাব৷ কর্মস্থানত ভালেই দেখা যায়৷ কামত উপকৃত হ’ব৷ পাৰিবাৰিক সমস্যাত বিব্রত হ’ব পাৰে৷ আর্থিকত ব্যয়৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৪৷

কন্যা : যোগ্য ব্যক্তিৰ মান–সন্মান প্রাপ্তিৰ মৃদু আভাস। ৰাজহুৱা কামতো তদ্রূপ৷ কর্মক্ষেত্রত কিছু অগ্রগতি লাভ কৰাৰ চেষ্টা কৰক৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৭৷

তুলা : সন্তানৰ বাবে সুখ৷ ঘৰুৱা কাম–কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে৷ ধনপ্রাপ্তিৰ আশা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

বৃশ্চিক : উৎসাহপূর্ণ সংবাদ৷ মুকলি পৰিৱেশ৷ ঘৰুৱাতো ভালেই৷ সন্তান–সন্ততিৰ লগত মিলি ভাল পাব৷ কর্মস্থানত বাধা কম৷ আর্থিকত নতুন সুযোগৰ আশা৷ বন্ধুৰ সুখ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷

ধনু : কর্মক্ষেত্রত উৎসাহ লাভ৷ কোনো আত্মীয়ৰ পৰা দুঃসংবাদ পাব পাৰে৷ প্রভাৱশালী ব্যক্তিৰ সান্নিধ্যত আহি উপকৃত হ’ব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷

মকৰ : অস্থিৰতা পাৰিলে বর্জন কৰক৷ অৱশ্যে দুই–এক সম্ভাব্য যোগাযোগত মিশ্রিত আনন্দ পাব৷ ঘৰুৱা চিন্তা থাকিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷

কুম্ভ : কর্মক্ষেত্রত কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ মানসিক দিশত জেদ ভাব আগ্রহ হ’ব৷ বিদ্যাত চেষ্টাৰ সুফল পাব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷

মীন : কর্ম আৰু ইচ্ছাশক্তিৰ গতি বৃদ্ধি পাব৷ শত্রুৰ পৰাক্রম কমিব৷ ভ্রমণৰ ফলত আনন্দ৷ নিবনুৱাৰ কর্মসংস্থানৰ কিছু আশা আছে৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷

You might also like