নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত নতুন ৰাজনৈতিক মোৰ, গেৰুৱা বসন পিন্ধিলে আঞ্চলিকতাবাদী নেতাই

জাতীয়তাবাদীৰ পোছাক এৰি ধুবুৰীত আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰিলে অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন কাৰ্যবাহী সভাপতি হেমেন চক্ৰবৰ্তী, প্ৰাক্তন ধুবুৰী জিলা সভাপতি ভাস্কৰ বৰুৱা, প্ৰাক্তন ছাত্ৰ নেতা তথা জিলা আমোলা সন্থাৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ ঘোষ আৰু অসম গণ পৰিষদৰ ধুবুৰী জিলা কমিটিৰ কোষাধ্যক্ষ পদৰ পৰা সম্প্রতি অব্যাহতি লোৱা অমিতাভ আচাৰ্যকে ধৰি অন্যান্যই।

যোগদান কাৰ্যসূচীত বিজেপিৰ ধুবুৰীৰ তেতুলতলাস্থ জিলা কাৰ্যালয়ত দলটোৰ ধুবুৰী লোকসভাৰ নিৰ্বাচনী দায়িত্বত থকা তথা দিল্লীৰ আৰ. কে. পূৰমৰ বিজেপি বিধায়ক অনিল শৰ্মা, বিজেপিৰ ধুবুৰী সাংগঠনিক জিলাৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়, জ্যেষ্ঠ বিজেপি নেতা ডাঃ দেৱময় সান্নালকে ধৰি জিলা বিজেপিৰ অন্যান্য কাৰ্যকৰ্তাসকল উপস্থিত আছিল।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১২ ফেব্ৰুৱাৰী

You might also like