কাইলৈ ভাৰত-পাকিস্তানৰ মেচত প্রবল বৰষুণৰ সম্ভাৱনা
নিউজ ডেস্ক, ১৪ ফেব্রুৱাৰী : কলম্বোত ১৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব চলিত টি–২০ বিশ্বকাপৰ বহু প্রতীক্ষিত মেচখন৷ বর্জনৰ নাটকৰ অন্ত পেলাই টীম ইণ্ডিয়াৰ বিপক্ষে খেলখনত নামিব পাকিস্তান ৷ ক্রিকেট বিশ্বই অধিক আগ্রহেৰে বাট চাই থকা এই মেচখন বৰষুণে পণ্ড কৰাৰ সম্ভাৱনা আছে৷
শুকুৰবাৰে শ্রীলংকাৰ বতৰ বিজ্ঞান বিভাগৰ পূর্বাভাস অনুসৰি ভাৰত–পাক মেচৰ পূর্বে প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে মেচখন সম্পূর্ণ পৰিত্যক্ত হোৱাৰ সম্ভাৱনা নাই যদিও খেলৰ সময়ত বৰষুণে বিধি–পথালি দিয়াৰ সম্ভাৱনা আছে৷ বতৰ বিজ্ঞান বিভাগৰ পূর্বাভাস অনুসৰি খেলৰ সময়ত বৰষুণৰ সম্ভাৱনা ৫০–৬৫ শতাংশ আকাশখন সম্পূর্ণ ডাৱৰীয়া হৈ থাকিব৷ মেচৰ আগমুহূর্তত বৰষুণ দিয়াৰ সম্ভাৱনা আছে৷
ইফালে, দুপৰীয়াও বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ শ্রীলংকাৰ বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে জনাইছে যে ১৫ ফেব্রুৱাৰীত বংগ উপসাগৰৰ দক্ষিণ অংশত নিম্নচাপ গঠন হ’ব পাৰে৷ গতিকে ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচখনত বৰষুণে বিধি–পথালি দিয়াৰ সম্ভাৱনাই দেখা দিছে৷
জানিব পৰা মতে, দেওবাৰে বিয়লিৰ পৰা সন্ধিয়ালৈকে কলম্বোত বৰষুণৰ সম্ভাৱনা ৫০ শতাংশতকৈ অধিক৷ যদি মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হয় তেতিয়াহ’লে দুয়োটা দলে ১ পইণ্টকৈ লাভ কৰিব৷ উল্লেখ্য যে চলিত বিশ্বকাপৰ গ্রুপ এত স্থান লাভ কৰা ভাৰতে দুখন মেচৰ পৰা ৪ পইণ্ট লাভ কৰি নেট ৰান ৰেটৰ জৰিয়তে শীর্ষস্থানত আছে৷