নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তবলা–হাৰমণিয়ামসহ ৫ শতাধিক বাদ্যযন্ত্র জ্বলালে তালিবান চৰকাৰে

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : আফগানিস্তানত সংগীত নিষিদ্ধ কৰিলে তালিবান চৰকাৰে৷ পৰবন প্রদেশৰ প্রশাসনে আয়োজন কৰা এক ভব্য অনুষ্ঠানৰ সময়তে পাঁচ শতাধিক বাদ্যযন্ত্র জব্দ কৰি জ্বলাই দিলে চৰকাৰী কর্তৃপক্ষই৷

কান্ধত বন্দুক লৈ অহা মাক্স পৰিহিত তালিবানী কেডাৰে অনুষ্ঠানত উপস্থিত হৈ এফালৰ পৰা কাঢ়ি লয় সকলো বাদ্যযন্ত্র৷ এইসমূহৰ ভিতৰত দেশখনৰ জাতীয় বাদ্যযন্ত্র ৰুবাবো আছে৷ তালিবান চৰকাৰে শেহতীয়াভাৱে এক সুকীয়া মন্ত্রালয় মুকলি কৰি ধর্মীয় অনুশাসনৰ কঠোৰতাৰ বৃত্তিত কেতবোৰ আজব নীতি গ্রহণ কৰিছে৷ ইয়াৰ ভিতৰত সংগীতকো কু–অভ্যাসৰ শ্রেণীত অন্তর্ভুক্ত কৰিছে৷

তালিবানী শাসকৰ মতে, সংগীতে নৈতিক অৱনতি ঘটায়৷ সেইবাবে ২০২১ চনত আফগানিস্তানত পুনৰ ক্ষমতা দখল কৰাৰ পিছত সংগীতক ‘হাৰাম’ বুলি ঘোষণা কৰিছিল৷ কোনো ৰাজহুৱা অনুষ্ঠানত সংগীত বজোৱাৰ অনুমতি দিয়া নাই তালিবানক৷ তদুপৰি বিদ্যালয়সমূহতো বন্ধ কৰি দিয়া হৈছে সংগীত৷ মহিলাসকলে ৰাজহুৱা স্থানত গান গোৱাটো সম্পূর্ণ নিষিদ্ধ৷ বিগত চাৰি বছৰত সংগীত পৰিৱেশনৰ অভিযোগতে বহু লোকক গ্রেপ্তাৰ কৰিছে তালিবানে, যাৰ ফলত বহু শিল্পীয়ে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে৷

You might also like