নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুত আজুৰ শোক প্ৰকাশ

অসমৰ সংবাদ ক্ষেত্ৰৰ এগৰাকী প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুত সদৌ অসম সাংবাদিক সন্থাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যু সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে।

এক প্ৰেছ বিবৃতিযোগে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, কাৰ্যকৰী সভাপতি সুৰজ দত্ত আৰু সাধাৰণ সম্পাদক নকুল তালুকদাৰে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমক এক সবল গতি দিয়াত সফল হৈছিল বুলি মন্তব্য প্ৰকাশ কৰে।

ইপিনে, স্পষ্টবাদী সাংবাদিক হিচাপে পৰিচিত ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুত সাংবাদিক পেন্সনাৰ মৃণাল মল্ল পাটোৱাৰী, বৰপেটা জিলা সাংবাদিক সন্থা, পূব বৰপেটা সাংবাদিক সন্থা, সৰ্থেবাৰী প্ৰেছ ক্লাব, পাকা সৰুক্ষেত্ৰী সচেতন নাগৰিক মঞ্চ, সৰ্থেবাৰী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী প্ৰজ্ঞাশ্ৰী পাৰ্বতী পাটোৱাৰী আদিৰ লগতে বিভিন্ন অনুষ্ঠানেও গভীৰ শোক প্ৰকাশ কৰে।

নিয়মীয়া বাৰ্তা, সৰ্থেবাৰী, ২২ ফেব্ৰুৱাৰী :
You might also like