কাজিৰঙাত একে দিনাই দুটাকৈ গঁড়ৰ আক্ৰমণ, দুজন আহত
ইটোৰ পাছত সিটো গঁড় আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। আজি একে দিনাই দুটাকৈ পৃথক গঁড় আক্ৰমণৰ ঘটনাত এজন চাহ বাগিচাৰ শ্ৰমিক আৰু আনজন গৃহৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয়।
বাগৰি বনাঞ্চলৰ বাঘমাৰী বন শিবিৰ এলেকাত কৰ্তব্য পালন কৰি থকা অৱস্থাত মাক-পোৱালি গঁড়ৰ আক্ৰমণত নিতুল গগৈ নামৰ এজন গৃহৰক্ষী গুৰুতৰভাৱে আহত হয়। পাছত বন বিভাগে তেওঁক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীস্থিত এপোলো হাস্পতাললৈ প্ৰেৰণ কৰে।
আনহাতে, একে সময়তে কঁহৰা বনাঞ্চলৰ দাঁতিকাষৰীয়া হাতীখুলি চাহ বাগিচাত ভগীৰথ কৰ্মকাৰ নামৰ এজন চাহ শ্ৰমিককো গঁড়ে আক্ৰমণ কৰে। পৰৱৰ্তী সময়ত বন বিভাগে তেওঁক উদ্ধাৰ কৰি কঁহৰা চিকিৎসালয়লৈ আনে। পিছত অৱস্থা গুৰুতৰ হোৱাৰ বাবে তেওঁকো এপল’ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এই দুয়োটা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। বন বিভাগে স্থানীয় লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।
ডিজিটেল ডেস্ক, ২৩ ফেব্ৰুৱাৰী