নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা : ত্ৰিশূলী নদীত পৰি ১৮জন নিহত
নেপালৰ ধদাং জিলাৰ গজুৰীৰ ওচৰত সোমবাৰে পুৱতিনিশা এখন যাত্ৰীভৰ্তি বাছ ত্ৰিশূৰী নদীত পৰি যোৱাৰ ফলত কমেও ১৮জন লোক নিহত হয়।
পোখৰাৰ পৰা কাঠমাণ্ডুলৈ আহি থকা বাছখন প্ৰিথ্বী হাইৱে’ত কাঠমাণ্ডুৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ পশ্চিমে, নিশা প্ৰায় ১:৩০ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় বুলি Armed Police Force Nepalৰ মুখপাত্ৰই জনায়।
দুৰ্ঘটনাস্থলীৰ পৰা ১৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ২৮জন আহত যাত্ৰীৰ উদ্ধাৰ কৰা হৈছে। আহতসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উদ্ধাৰ অভিযান চলাবলৈ Nepal Army, Armed Police Force Nepal আৰু Nepal Policeৰ কৰ্মচাৰী মোতায়েন কৰা হৈছে।
দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত এজন পুৰুষ যাত্ৰী নিউজিলেণ্ডৰ নাগৰিক বুলি জানিব পৰা গৈছে। আহতসকলৰ ভিতৰত এজন জাপানী মহিলা আৰু এজন ডাচ মহিলা নাগৰিক আছে।
যদিও দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই, আৰক্ষীয়ে অতিদ্ৰুত গতিক দুৰ্ঘটনাৰ সম্ভাৱ্য কাৰণ বুলি সন্দেহ প্ৰকাশ কৰিছে।
ডিজিটেল ডেস্ক, ২৩ ফেব্ৰুৱাৰী