নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বিশ্বৰ ক্রিকেটত আধিপত্য

ৰঙৰ উৎসৱ ফাকুৱা হৈ যোৱাৰ বেছিদিন হোৱাই নাই৷ উৎসৱৰ বতৰত মানুহৰ মনবোৰ ৰঙীন হৈ থাকোঁতেই আকৌ প্রতিজন ভাৰতীয়ৰ মনবোৰ ৰঙীন হৈ পৰিল৷ খেলপথাৰৰ লগতে ভাৰত মাতা কী জয়ধ্বনিৰে উত্তাল হৈ পৰিল দেশৰ চহৰ–গ্রামাঞ্চলৰ পথ৷ গম্ভীৰৰ মুখতো হাঁহি বিৰিঙিল৷ খেলপথাৰতে অগ্রজ সুনীল গাভাস্কাৰৰ সৈতে নাচিলে সূর্যকুমাৰে৷ ভাংৰা নৃত্য কৰিলে অভিষেক, ঈশান, অর্শদীপে৷ কান্ধত জাতীয় পতাকা লৈ উল্লাস হার্দিক পাণ্ডিয়াৰ৷ প্রয়াগৰাজৰ ৰাজপথত জনসমুদ্র৷ এনে পৰিৱেশ নহ’ব কিয়, কাৰণ তৃতীয়বাৰলৈ বিশ্ব জয় কৰিবলৈ সক্ষম হ’ল মেন ইন ব্লু ৷ বিশ্ব ক্রিকেটত এতিয়া ভাৰতৰ আধিপত্য৷ ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈছিল ভাৰত৷ ১০খন খেলত একেৰাহে জয়লাভ কৰিও বিশ্বকাপৰ পৰা বিদায় মাগিছিল ভাৰতীয় দলটোৱে৷ সেইটোৱে আছিল অন্তিমটো দুর্ভাগ্য৷ তাৰ পিছৰ পৰা ভাৰতে পিছলৈ চাব লগা হোৱা নাই৷

২০২৪ চনৰ পৰা ভাৰতীয় দলটোৱে ভাল ফল দেখুৱাইছে যদিও ২০২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশ কৰিবলৈ সক্ষম নহ’ল ভাৰত, তথাপি বগা বলত ভাৰতে নিৰাশ কৰা নাই দেশবাসীক৷ ২০২৪ বর্ষত ৰোহিত শর্মাৰ নেতৃত্বত টীম ইণ্ডিয়াই টি–২০ বিশ্বকাপ খেলিছিল৷ সেইবাৰ ভাৰতীয় দলটোৱে ২০০৭ চনৰ ধোনীৰ নেতৃত্বত বিশ্বকাপ জয়ী হোৱাৰ পিছত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি ভাৰত চেম্পিয়ন হৈছিল৷ এই একেটা বর্ষতে ১৯ বর্ষৰ অনূর্ধ্বৰ মহিলা বিশ্বকাপত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি শ্বেফালি বার্মাৰ নেতৃত্বত জয়লাভ কৰিছিল৷ ২০২৫ত ৰোহিত শর্মাৰ নেতৃত্বত ভাৰতে নিউজিলেণ্ডক পৰাস্ত কৰি চেম্পিয়ন ট্ৰফীত জয়লাভ কৰে৷ ইয়াৰ পিছতে মহিলা ক্রিকেট দলটোৱে হৰমনপ্রীত কৌৰৰ নেতৃত্বত ৪২ বছৰৰ পিছত প্রথমবাৰৰ বাবে ভাৰতৰ মহিলা দলটোৱে দক্ষিণ আফ্রিকাক পৰাস্ত কৰি বিশ্বকাপ জয়ী হয়৷

শ্রীলংকাত অনুষ্ঠিত দৃষ্টিহীন মহিলা টি–২০ বিশ্বকাপত ভাৰতে নেপালক পৰাস্ত কৰি বিশ্বকাপ জয়ী হয়৷ ২০২৬ত জিম্বাব’ৱেত অনুষ্ঠিত পুৰুষৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ফাইনেলত ইংলেণ্ডক ১০০ ৰানত পৰাস্ত কৰি বৈভৱ সূর্যবংশীৰ ইণ্ডিয়াই জয়লাভ কৰে৷ শেষত দেওবাৰে টি–২০ বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰ বিশ্ব জয় কৰে ভাৰতে৷ এই দিনটোলৈকে কোটি কোটি ভাৰতীয়ই অপেক্ষা কৰি আছিল৷ খেল আৰম্ভ হোৱাৰ পূর্বে ইয়ান বিছপে খেলপথাৰখন চাই বিশ্লেষণ কৰিবলৈ আহিছিল৷ তেওঁ কৈছিল– ‘খেলপথাৰখন ৰঙা আৰু ক’লা মাটিৰ মিশ্রণেৰে নির্মাণ কৰা হৈছিল যদিও ৰঙাৰ পৰিমাণ বেছি আছে৷ সেয়ে যিকোনো এটা দলে টছত জয়ী হ’লে প্রথমে বেটিং কৰিব৷’ কিন্তু নিউজিলেণ্ডৰ মিচেল ছাণ্টনাৰে টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত লয়৷ ফলত ভাৰতীয় অ’পেনাৰে প্রথমৰ পৰাই নিউজিলেণ্ডৰ বলাৰসকলক আক্রমণ লক্ষ্য কৰি লয়৷ যদিও প্রথম দুই অভাৰত মাত্র ১২ ৰানহে সংগ্রহ হৈছিল, শেষত সঞ্জু আৰু অভিষেকৰ বিস্ফোৰক বেটিঙৰ ফলত ভাৰতে প্রথম ৬ অভাৰত ৯২ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ প্রথম ৬ অভাৰতেই অভিষেক শর্মাই অর্ধশতক অর্জন কৰে৷ যেন ফাইনেলত হেৰুওৱা ছন্দ বিচাৰি পালে অভিষেকে৷

ভাৰতীয় দলৰ বেগী বলাৰ বুমৰাহৰ কথা লিখি শেষ কৰিব নোৱাৰি৷ ভাৰতীয় দলৰ বিপদৰ সময়ত সদায় সাহস হৈ থকা খেলুৱৈসকলৰ ভিতৰত এজন শ্রেষ্ঠ বেগী বলাৰ৷ আহমেদাবাদত ৪ অভাৰত ১৫ ৰান দি ৪ উইকেট লাভ কৰে৷ ভাৰতৰ বাবে ইয়াতকৈ ডাঙৰ প্রদর্শন আৰু কি হ’ব পাৰে৷ ফাইনেল খেলখনত ঈশানৰ ফিল্ডিং অসাধাৰণ আছিল৷ ঈশানে বেটিঙৰ লগতে ফিল্ডিঙতো নিজৰ দক্ষতা দেখুৱাবলৈ সক্ষম হয়৷ বিশ্বকাপৰ শেষৰ তিনিখন খেলত ২৭৫ ৰান কৰিবলৈ সক্ষম হোৱা সঞ্জু ছেমছন এতিয়া সকলোৰে প্রিয়৷ বিশ্বকাপৰ প্রথম খেলকেইখনত সুযোগ নাপালেও ইডেনত ৯৭ ৰান, ৱাংখেড়েত ৮৯ আৰু আহমেদাবাদত ৮৯ ৰান কৰি সঞ্জুৱে বিশ্বৰ ইতিহাসত নাম ৰচিলে৷ বিশ্বকাপৰ পূর্বে দক্ষিণ আফ্রিকা আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাত সঞ্জুৱে ৰান কৰিব পৰা নাছিল৷ তেতিয়াই স্পষ্ট হৈ পৰিছিল যে বিশ্বকাপত দলত থাকিলেও মূল ১১ত সহজে সঞ্জুৱে স্থান লাভ নকৰিব৷ ভবা মতে প্রথম তিনিখন মেচত স্থান লাভ নকৰিলেও পিছলৈ এই সকলোবোৰ সলনি হ’ল৷ মুঠতে প্রতিজন খেলুৱৈৰ দক্ষতা, ধৈর্য, দৃঢ়তাৰ ফলত ভাৰতে বিশ্ব জয় কৰিলে৷ ভাৰতীয় খেলুৱৈসকলৰ দায়িত্ব বাঢ়িল, তেওঁলোকৰ ওপৰত মানুহৰ আশা–আকাংক্ষা বাঢ়িল৷ সেয়ে আসন্ন সময়বোৰত আৰু অধিক শক্তিশালী ৰূপত খেলপথাৰত নামিব লাগিব ভাৰত৷

You might also like