নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ সমগ্ৰ বিশ্বক মৃত্যু উপত্যকালৈ পৰ্যবসিত কৰা ন’ভেল ক’ৰোনা ভাইৰাছ ভাৰততো অতি দ্ৰুতগতিত সংক্ৰমণ হ’ব ধৰিছে । বিশেষকৈ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অনুষ্ঠিত তবলিগী জামাতে এই মুহূৰ্তত বিপৰ্যয়ৰ গৰাহলৈ টেলি দিছে দেশক । ৰাজধানী দিল্লীকে ধৰি বিভিন্ন ৰাজ্যত আক্ৰান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পাব ধৰিছে । একেদৰে প্ৰতিটো দিনতে বাঢ়িছে মৃতকৰ সংখ্যাও । এই মাৰাত্মক ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধকল্পে সম্প্ৰতি সমগ্ৰ দেশতে চলি আছে লকডাউন । ন’ভেল ক’ৰোনা ভাইৰাছৰ আতংক-সংক্ৰমণ আৰু লকডাউনে দেশৰ অৰ্থনীতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে । মন্দাৱস্থাৰ গ্ৰাসত থকা দেশৰ অৰ্থনীতিয়ে যে অনাগত দিনত ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হ’ব , তাৰ সম্ভাৱনা প্ৰকট । ইতিমধ্যে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাৰ সমীক্ষাত এই কথা স্পষ্ট হৈ পৰিছে । দেশৰ এনে সাম্প্ৰতিক পৰিস্থিতিৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিলে এক নজিৰবিহীন সিদ্ধান্ত । দেশত ন’ভেল ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ পাছত প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ বৈঠকখন ভিডিঅ’ কনফাৰেঞ্চিঙৰ মাধ্যমেৰে সম্পন্ন হয় । কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদৰ মাহিলী দৰমহাৰ ৩০ শতাংশ এবছৰৰ বাবে কৰ্তন কৰা হ’ব । একেদৰে দুবছৰৰ কাৰণে সাংসদ এলেকা উন্নয়ন পুঁজিৰ ধন আৱণ্টন বন্ধ ৰাখিব কেন্দ্ৰীয় চৰকাৰে । দৰমহা আৰু সাংসদ উন্নয়ন পুঁজিৰ এই ধনৰাশি ক’ভিড-১৯ ৰ মোকাবিলা কৰাৰ বাবে এটা কনছ’লিডেটেড ফাণ্ডত জমা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । কেবিনেট বৈঠকৰ পাচত সংবাদমাধ্যৰ আগত এই সিদ্ধান্ত সদৰী কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে কয় যে ১৯৫৪ চনৰ মন্ত্ৰী-সাংসদসকলৰ বেতন, ভাট্টা আৰু পেঞ্চন আইনৰ সংশোধনী অনাৰ বাবে এখন অধ্যাদেশ জাৰিত সেউজ সংকেত দিছে কেন্দ্ৰীয় মন্ত্ৰীসভাই । ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ লগে লগে এপ্ৰিল মাহৰ পৰা এই অধ্যাদেশ কাৰ্যকৰী হ’ব । সংসদৰ পৰৱৰ্তী অধিৱেশনত বিষয়টো সন্দৰ্ভত প্ৰয়োজনীয় বিধেয়ক উত্থাপন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ।
কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে জানিবলৈ দিয়া মতে, পেঞ্চন আৰু ভাট্টাৰ ক্ষেত্ৰতো ৩০ শতাংশ কৰ্তনৰ সিদ্ধান্ত কাৰ্যকৰী হ’ব । এই প্ৰসংগত তেওঁ কয় – ‘সমাজৰ প্ৰতি, দেশৰ প্ৰতি আমাৰ দায়িত্ব আছে । প্ৰধানতঃ এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে সাংসদসকলে এনে ত্যাগ কৰিছে ।’ ৰাষ্ট্ৰপতি-উপ ৰাষ্ট্ৰপতি আৰু কেইবাখনো ৰাজ্যৰ ৰাজ্যপালে স্বেচ্ছাই তেওঁলোকৰ বেতনৰ ধন চৰকাৰী স্থায়ী পুঁজিলৈ অনুদানস্বৰূপে আগবঢ়োৱাৰ প্ৰংসগও তেওঁ উল্লেখ কৰে । ইফালে , দৰমহাৰ ৩০ শতাংশ কৰ্তনৰ সিদ্ধান্তত সহমত প্ৰকাশ কৰিলেও সাংসদ এলেকা উন্নয়ন পুঁজি দুবছৰলৈ বন্ধ ৰখাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ বিৰোধী সাংসদে । লোকসভাত কংগ্ৰেছ দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে এই সিদ্ধান্তক জনপ্ৰতিনিধিসকলৰ প্ৰতি অবিচাৰ আখ্যা দিয়ে । একেদৰে কংগ্ৰেছী সাংসদ শশী থাৰুৰ আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগত ৰায়েও এই বিষয়টো লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গ’ল ।