নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃদ্ধি হ’ব নেকি লকডাউনঃ কি কয় মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ দেশজুৰি চলি থকা ২১ দিনীয়া লকডাউন অহা ১৪ এপ্ৰিলৰ পাছত বঢ়োৱা হ’ব নেকি ? এই প্ৰশ্নটো এতিয়া দেশৰ প্ৰতিজন লোকৰ মনত উদ্ৰেক ঘটিছে । সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকৰ পাছত সাংবাদিকৰ মুখামুখি হৈ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে কয় যে দেশৰ বৃহত্তৰ স্বাৰ্থৰ হকে লকডাউন সমাপ্ত অথবা দীঘলীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । লকডাউন সমাপ্ত কৰা সন্দৰ্ভত মন্ত্ৰীজনে কয় যে বৰ্তমান যিহেতু ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে, সেই বাবে কিছুদিন অপেক্ষা কৰিব লগা হ’ব পাৰে । দেশৰ স্বাৰ্থতে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব আৰু সঠিক সময়ত সেয়া জনোৱা হ’ব । কেন্দ্ৰীয় মন্ত্ৰীজনে আৰু কয় যে যদি এজনো ক’ৰোনা আক্ৰান্ত থাকে , তেতিয়াহ’লে লকডাউন প্ৰত্য়াহাৰৰ সিদ্ধান্ত ল’বলৈ কঠিন হ’ব আৰু ইয়াৰ বাবে সময়ৰ প্ৰয়োজন হ’ব পাৰে । অৱশ্যে কেন্দ্ৰৰ তৰফৰ পৰা ললডাউন সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য কৰা হোৱা নাই । কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ পাছত মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে কয় – আমি সকলোৱে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ পৰিস্থিতিত দৃষ্টি ৰাখিছো । দেশৰ স্বাৰ্থত সঠিক সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।

You might also like