যোৰহাট পৌৰসভাৰ অৰ্ন্তগত ১০নং ৱাৰ্ডটোৱে প্ৰতিটো নিৰ্বাচনতে অসমৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিয়নো এই সমষ্টিটোৰ পৰা বিভিন্ন সময়ত বহু কেইগৰাকী ৰাজনীতিকে যোৰহাটৰ লগতে অসমৰ আৰু ৰাষ্ট্ৰীয় ৰাজনীতিক প্ৰতিনিধিত্ব কৰি আহিছে।
কিন্তু বিগত পাঁচ বছৰ তৰুণ গগৈৰ মৃত্যুত পিছত এই ৱাৰ্ডটো বিভিন্ন নিৰ্বাচনৰ সময়ত নিষ্প্ৰভ হৈ পৰিছিল। কিন্তু এইবাৰ পুনৰ উজ্জীৱিত হৈ পৰিছে এই ১০ নম্বৰ ৱাৰ্ডটো। কিয়নো এইবাৰ তৰুণ গগৈৰ পুত্ৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিধান সভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
উল্লেখ্য যে প্ৰয়াত ৰায় বাহাদুৰ কে কে বৰুৱা, কেন্দ্ৰীয় মন্ত্ৰী বিজয় কৃষ্ণ সন্দিকৈ, তৰুণ গগৈ, অভিজিত শৰ্মা, দেৱ কুমাৰ বৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিজেপিৰ যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱা এই ৱাৰ্ডৰেই বাসিন্দা।
স্বাধীনতাৰ পাছত এই ৱাৰ্ডটোৰ পৰাই ৰায় বাহাদুৰ কে কে বৰুৱা যোৰহাট পৌৰসভাৰ প্ৰথমগৰাকী পৌৰপতি হিচাপে নিৰ্বাচিত হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত বিজয় কৃষ্ণ সন্দিকৈ ছয়বাৰকৈ লোক সভালৈ নিৰ্বাচিত হৈছিল।
প্ৰয়াত তৰুণ গগৈয়ে এই ৱাৰ্ডৰ পৰাই তিনিবাৰ কৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল।১৯৬৮ চনত তৰুণ গগৈয়ে নাজীৰ আলিৰ ১০নং ৱাৰ্ডৰ পৰা পৌৰসভালৈ নিৰ্বাচিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল।
ইয়াৰ পৰবৰ্তী সময়ত তেওঁ লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছত ১৫টা বছৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছিল। অনুৰূপ ধৰণে প্ৰাক্তন মন্ত্ৰী অভিজিত শৰ্মা, দেৱ কুমাৰ বৰা, প্ৰাক্তন সাংসদ দীপ গগৈও আছিল এই ৱাৰ্ডৰেই বাসিন্দা। কাইলৈ যোৰহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ১০ নম্বৰ ৱাৰ্ডৰ দেৱী চৰণ বৰুৱা গাৰ্লছ হাই স্কুলত ভোট দান কৰিব। তেওঁ কেন্দ্ৰটোৰ ৪১৬ ক্ৰমিক নম্বৰত ভোট দান কৰিব।
আনহাতে বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে ১৩৪নং নাওশলীয়া প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত ১৭৪ ক্ৰমিক নম্বৰত ভোট দান কৰিব। কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই হাতীগড় হাই স্কুল ভোট কেন্দ্ৰত ৯৫৯ ক্ৰমিক নম্বৰত ভোটাধিকাৰ সাব্যস্ত কৰিব।
বিশেষ বাৰ্তা, যোৰহাট, ৮ এপ্ৰিল