অসম বিধানসভা নিৰ্বাচন ২০২৬ উপলক্ষে গৰিমা শইকীয়া গাৰ্গে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। তেওঁ গুৱাহাটীৰ কাহিলিপাৰাৰ ভগদত্তপুৰ অঞ্চলস্থিত ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰে।
হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিনভগ্নী ড০ পালমী বৰঠাকুৰৰ সৈতে দিছপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১১৬ নম্বৰ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।
ভোটদানৰ পিছত গৰিমা শইকীয়া গাৰ্গে কয়, “মই অসুস্থ আছিলোঁ আৰু কালি হাস্পতালৰ পৰা ৰিলিজ লৈছিলোঁ। আগতে মই জুবিনৰ সৈতে ভোটদান কৰিবলৈ আহিছিলোঁ। এতিয়াও অসুস্থ হৈ থাকিও মই ভোটদান কৰিছোঁ, কিয়নো গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশ লোৱাটো আমাৰ দায়িত্ব।”
আনহাতে ডাঃ পালমী বৰঠাকুৰে কয়, “মানুহে ওলাই আহি নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰা উচিত। ভোটদান কৰাটো সকলোৰে অধিকাৰ।”
উল্লেখযোগ্য যে ৰাজ্যজুৰি পুৱাৰে পৰা ভোটদানৰ ভাল গতি দেখা গৈছে আৰু ১২৬টা সমষ্টিত একেটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই গুৰুত্বপূর্ণ নিৰ্বাচনত প্ৰায় ২.৫ কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ।
ডিজিটেল ডেস্ক, ৯ এপ্ৰিল