নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামপুৰত ভোটদান কৰি ওভতাৰ পথত দুজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, কামপুৰ, ৯ এপ্ৰিল : ৰহা সমষ্টিৰ অন্তৰ্গত কামপুৰৰ গুইমাৰীত ভোটগ্ৰহণৰ দিনাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

আজি দুপৰীয়া ভোটাধিকাৰ সাব্যস্ত কৰি ই-ৰিক্সাৰে ঘৰলৈ ওভতাৰ পথত তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিয়ে  ই-ৰিক্সাখন । এই ভয়ংকৰ দুৰ্ঘটনাটোত ই-ৰিক্সাখনত যাত্ৰী হিচাপে থকা কমল ডেকা আৰু দুলাল নাথ নামৰ দুজন লোক নিহত হয় ।

দুয়োকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসা লাভৰ পূৰ্বে মৃত্যু হয়। নিৰ্বাচনী বতৰত এই কৰুণ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নং AS-01 NC-2747।

You might also like