সম্পাদকীয় : ৰাইজেই ৰজা
‘ৰাইজেই ৰজা, জ্ঞাতিয়েই গংগা’ বুলি অসমীয়াত এষাৰ কথা আছে৷ কথাষাৰ কেৱল আমাৰ ব্যক্তিগত জীৱন বা সামাজিক জীৱনৰ ক্ষেত্রতেই সঁচা নহয়, গণতন্ত্রৰ ক্ষেত্রতো ষোলনাই প্রযোজ্য৷
সংসদীয় গণতন্ত্রত নির্বাচন এটা অতি গুৰুত্বপূর্ণ পর্ব৷ নির্বাচনৰ জৰিয়তে দেশৰ প্রাপ্তবয়স্ক নাগৰিকসকলে জনপ্রতিনিধি বাছনি কৰি শাসন ব্যৱস্থা পৰিচালনা কৰাৰ বাবে চৰকাৰ গঠন কৰা হয়৷
সংবিধানে দেশৰ ১৮ বছৰ বয়সৰ পৰা আৰম্ভ কৰি জাতি–ধর্ম–বর্ণ নির্বিশেষে সকলো নাগৰিককে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ প্রদান কৰিছে৷ এয়া দেশৰ নাগৰিকসকলৰ বাবে এপাট পাশুপত অস্ত্রসদৃশ৷
১৮ বছৰৰ পৰা একোজন নাগৰিকৰ চিন্তা–চর্চা পূৰঠ হয় বুলি কোৱা হয়৷ তদুপৰি শিক্ষা–দীক্ষাৰ ফালৰ পৰাও আজিকালি বহুখিনি আগবঢ়া৷ প্রতিজন নাগৰিকেই নিজস্ব বিচাৰ–বুদ্ধিৰে বিবেচনা কৰি প্রার্থী বাছনিৰে ভোটদান কৰাৰ ক্ষেত্রত শিক্ষা–দীক্ষাই বহুখিনি সহায় কৰিছে৷ ফলত ভোটদানৰ ক্ষেত্রত সচেতনতা বৃদ্ধি পাইছে৷
আজিকালি প্রতিগৰাকী নাগৰিকেই ভোটদানৰ প্রয়োজনীয়তা আৰু দায়িত্ব বুজে৷ সমান্তৰালভাৱে মানুহৰ মাজত ৰাজনৈতিক সচেতনতাও বৃদ্ধি পাইছে৷ সেইবাবেই আবাল–বৃদ্ধ–বনিতা আটায়ে ভোটদানৰ ক্ষেত্রত নিজৰ দায়িত্ব পালনত হেমাহি নকৰে৷ এয়া কেৱল অসমৰ ক্ষেত্রতে সঁচা নহয়, সমগ্র ভাৰততে এই ছবিখন সুলভ৷ সেইবাবে ভাৰতত এতিয়া নির্বাচনী প্রেক্ষাপট সলনি হোৱা দেখিবলৈ পোৱা গৈছে৷
দেশৰ ৰাজনৈতিক আবহাৱা আৰু সামজিক বাস্তৱতাক ভালদৰে অনুধাৱন কৰিব পাৰে দেশৰ সৰহসংখ্যক নাগৰিকে৷ তাৰ প্রভাৱ পৰে ভোটদানৰ ক্ষেত্রত৷ কোনো বাহ্যিক প্রভাৱৰ বাবে নহয়, সম্পূর্ণ নিজৰ বিচাৰ–বিবেচনাৰে ভোটদান কৰিবলৈ লোৱাৰ সজাগতা বৃদ্ধি পোৱাৰ ফলতেই দেশত বৃদ্ধি পাইছে ভোটদানৰ হাৰ৷ দেশৰ ছবিখন ৰাজ্য আৰু এখন কেন্দ্রীয়শাসিত অঞ্চলৰ বিধানসভা নির্বাচনৰ চলিত প্রক্রিয়াৰ প্রথম পর্যায়ত দেশৰ দুখন ৰাজ্য ক্রমে অসম আৰু কেৰালামৰ লগতে কেন্দ্রীয়শাসিত ৰাজ্য পুডুচেৰীত ৯ এপ্রিলৰ দিনা অনুষ্ঠিত নির্বাচনত ভোটদানৰ হাৰে এইক্ষেত্রত এক উৎসাহজনক ছবি ফুটাই তুলিছে৷
অসমত এইবাৰ ৮৫.৬১ শতাংশ ভোটদান হৈছে৷ এয়া সর্বকালৰ অভিলেখ৷ ইয়াৰ পূর্বে ২০১১ চনৰ বিধানসভা নির্বাচনত ৭৬.০৫ শতাংশ, ২০১৬ চনত ৮৪.৭২ শতাংশ, ২০২১ চনত ৮২.০৪ শতাংশ ভোটদান হৈছিল৷ তেনেদৰে এইবাৰ কেৰালাম আৰু পুডুচেৰীতো ভোটদানৰ হাৰ হয়গৈ ক্রমে ৭৮.০৩ শতাংশ আৰু ৮৯.৮৩ শতাংশ৷
ভোটাৰৰ এই বিপুল অংশগ্রহণে এই কথাকেই প্রতিপন্ন কৰে যে নাগৰিক সচেতনতা বৃদ্ধি পাইছে৷ গণতান্ত্রিক চৰকাৰ এখনক যিহেতু ৰাইজৰ হকে, ৰাইজৰ দ্বাৰা, ৰাইজৰ চৰকাৰ বুলি কোৱা হয়, সেয়েহে ৰাইজৰ ভূমিকা ইয়াত গুৰুত্বপূর্ণ৷
ৰাইজৰ মতামতেৰেই চৰকাৰ এখন গঠন হয়৷ গৰিষ্ঠসংখ্যক নাগৰিকে অর্থাৎ ৰাইজে যাকেই বাছনি কৰে, তেওঁলোকেহে চৰকাৰ গঠনৰ কর্তৃত্ব লাভ কৰে৷ ৰাইজৰ মতামত প্রকাশ পায় নির্বাচনত ভোটদানৰ জৰিয়তে৷ গতিকে নির্বাচিত চৰকাৰখন ৰাইজৰ ওচৰত দায়বদ্ধ হৈ থাকিবলৈ বাধ্য৷
ৰাইজৰ স্বার্থলৈ পিঠি দি ওভতগোৰে নচা চৰকাৰ এখনক ৰাইজে পিছৰবাৰ নির্বাচনত কোনো কাৰণতে সুযোগ নিদিয়ে৷ গতিকে গণতন্ত্রত আচলতে ৰাইজেই ৰজা৷ ৰাইজলৈ পিঠি দি কোনেও ৰজা হৈ থাকিব নোৱাৰে৷
সেইবাবে ৰাইজৰ হৈ কাম কৰিবলৈ প্রতিখন চৰকাৰেই দায়বদ্ধ৷ ৰাইজৰ আশা–আকাংক্ষা পূৰণৰ ওপৰত গুৰুত্ব নিদি যি চৰকাৰে কাম কৰে, তাৰ প্রতি ৰাইজৰ মনোভাব স্বাভাৱিকতে ভাল হৈ থাকিব নোৱাৰে৷ আনহাতে যি চৰকাৰে ৰাইজৰ কুশল–মংগলৰ বাবে কাম কৰে, সেই চৰকাৰখন ৰাইজৰ হিয়াৰ আমঠু হৈ পৰে৷
ৰাইজৰ মনৰ এই ভাব প্রকাশ কৰাৰ বাবে ভাৰতীয় গণতন্ত্রত সংবাদ মাধ্যমৰ পিছতেই একমাত্র গুৰুত্বপূর্ণ অৱকাশ হ’ল নির্বাচন৷ নির্বাচনত প্রতিগৰাকী নাগৰিকে নিজৰ পছন্দ মতে ভোট দিয়াৰ ফলত সৰহসংখ্যক নাগৰিকৰ ভোটদানৰ ভিত্তিত যিটো দলে আগস্থান লাভ কৰে, তেওঁলোকেই চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়৷
ভাৰতীয় গণতন্ত্রত ৰাইজ কোনো চৰকাৰৰ প্রতি বিতুষ্ট হ’লে তেনে চৰকাৰক কার্যকালৰ ভিতৰতে ওভতাই অনাৰ কোনো ব্যৱস্থা নাই৷ গতিকে ৰাইজে মনোমত চৰকাৰ এখন পাবলৈ ৫ বছৰ অপেক্ষা কৰিবলগীয়া হয়৷ ৫ বছৰৰ মূৰত অহা নির্বাচনৰ দিনটোতেই ৰাইজে নিজৰ মতামত ব্যক্ত কৰি চৰকাৰ গঠনত ভূমিকা লয়৷