নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশলৈ ঔষধ ৰপ্তানিৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কেন্দ্ৰৰ

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে সম্প্ৰতি ব্যৱহাৰ কৰি থকা ঔষধ হাইড্ৰোক্সিক্লোৰোকুইনকে ধৰি আন ২৪ বিধ ঔষধৰ ৰপ্তানিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা মঙলবাৰে প্ৰত্যাহাৰ কৰে ভাৰতে । যোৱা ২৫ মাৰ্চত ভাৰতে দেশৰ ক’ৰোনা আক্ৰান্ত লোকসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মেলেৰিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হাইড্ৰোক্সিক্লোৰোকুইন আৰু পেৰাচিটামলৰ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল । কিন্তু শেহতীয়াকৈ আমেৰিকাকে ধৰি ইউৰোপৰ বহু দেশত ভয়ংকৰভাৱে ক’ৰোনা ভাইৰাছ সংক্ৰমিত হোৱাত এই দেশসমূহৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি নতুন দিল্লীয়ে ঔষধৰ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাতিল কৰে । কেন্দ্ৰীয় বিদেশ মন্ত্ৰালয়ে মঙলবাৰে জনায় যে ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ লগতে বহু দেশে সংগ্ৰাম অব্যাহত ৰাখিবলগা হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত মানৱীয়তাৰ খাতিৰতে মহামাৰীত আক্ৰান্ত দেশসমূহলৈ হাইড্ৰোক্সিক্লোৰোকুইন আৰু পেৰাচিটামলৰ দৰে ঔষধ ৰপ্তানিৰ ক্ষেত্ৰত অনুমতি দিয়া হ’ব । মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই ঔষধ বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ জনাইছিল । তদুপৰি দক্ষিণ আমেৰিকাৰ ব্ৰাজিলকে ধৰি ইউৰোপৰ স্পেইন, জাৰ্মানীসহ বিশ্বৰ প্ৰায় ৩০ খন দেশে এই ঔষধ ৰপ্তানিৰ বাবে ভাৰতক অনুৰোধ জনাইছিল । যাৰ ফলত ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয়- ক’ভিড-১৯ মহামাৰীৰ বাবে মানৱীয় দিশসমূহ বিবেচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে । আমি এই প্ৰয়োজনীয় ঔষধসমূহ কিছুসংখ্যক দেশলৈ যোগান ধৰিম , যিসমূহ দেশ মহামাৰীত অতি বেয়াকৈ প্ৰভাৱিত হৈছে । উল্লেখ্য যে, ভাৰত হ’ল হাইড্ৰোক্সিক্লোৰোকুইন ঔষধৰ সৰ্বাধিক ৰপ্তানিকাৰী দেশ । এই ঔষধৰ বাবে কেঁচামাল সংগ্ৰহ কৰা হয় চীনৰ পৰা । কিন্তু ক’ৰোনা মহামাৰীৰ বাবে বৰ্তমান ইয়াৰ দাম বৃদ্ধি পাইছে । প্ৰধানতঃ মেলেৰিয়াৰ চিকিৎসাত এই ঔষধ ব্যৱহাৰ কৰা হয় । যিহেতু ভাৰতত মেলেৰিয়া ৰোগীৰ সংখ্যা অধিক, সেয়েহে ভাৰতে ইয়াৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰতো প্ৰথম স্থান অধিকাৰ কৰিছে । উল্লেখ্য যে, দেশত চাহিদা অনুযায়ী যোগান নথকাত সদ্যহতে দুটা সংস্থাক জৰুৰীভাৱে মুঠ ১০ হাজাৰ কোটি হাইড্ৰোক্সিক্লোৰোকুইন টেবলেট সৰবৰাহৰ অনুমতি দিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে । ভাৰতে প্ৰতিমাহত মুঠ ২০ কোটি টেবলেট তৈয়াৰ কৰিব পাৰে ।

You might also like