জুবিন গাৰ্গ হত্যাকাণ্ডৰে জড়িত হাই প্ৰোফাইল গোচৰত এক গুৰুত্বপূৰ্ণ আপডেট পোহৰলৈ আহিছে। গুৱাহাটীৰ বিশেষ ফাষ্ট-ট্ৰেক আদালতে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। এই ৰায় ৩০ এপ্ৰিলত বিস্তৃত শুনানিৰ অন্তত ঘোষণা কৰা হয়।
জানিব পৰা মতে, আদালতে দুদিন ধৰি উভয় পক্ষৰ যুক্তি শুনিছিল। সকলো যুক্তি বিশদভাৱে পৰ্যালোচনা কৰাৰ পিছত আদালতে নিজৰ ৰায় সংৰক্ষিত ৰাখিছিল আৰু পিছত চূড়ান্ত সিদ্ধান্তত জামিন আবেদন নাকচ কৰে।
এই সিদ্ধান্তক অভিযুক্তৰ বাবে এক ডাঙৰ আঘাত হিচাপে দেখা হৈছে। মহন্তই গোচৰ চলি থকা অৱস্থাত জামিন বিচাৰিছিল যদিও চৰকাৰী পক্ষই তীব্ৰ বিৰোধিতা কৰিছিল।
শুনানিৰ সময়ত চৰকাৰী পক্ষই লিখিত আপত্তি দাখিল কৰি গোচৰটোৰ গুৰুত্ব বিবেচনা কৰি জামিন প্ৰদান নকৰিবলৈ আদালতক আহ্বান জনাইছিল। আদালতে সকলো দিশ বিবেচনা কৰাৰ পিছত ৰায় ঘোষণা কৰে।
উল্লেখযোগ্য যে, গোচৰটোক লৈ আৰম্ভণিৰ পৰা ব্যাপক জনসাধাৰণৰ দৃষ্টি নিবদ্ধ হৈ আছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি ক্ষোভ আৰু সঠিক তদন্তৰ দাবী উঠিছিল।
পিছত তদন্ত চলাই কেইবাজনো অভিযুক্তৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰিছিল, যাৰ ভিতৰত শ্যামকানু মহন্তও আছিল। জামিন আবেদন নাকচ হোৱাৰ পাছত মহন্ত এতিয়াও ন্যায়িক জিম্মাত থাকিব লাগিব। আদালতত গোচৰটোৰ শুনানি আগন্তুক দিনত অব্যাহত থাকিব।
উল্লেখ্য যে শ্যামকানু মহন্ত বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ আছে।
ডিজিটেল ডেস্ক, ৩০ এপ্ৰিল