বিৰোধী ঐক্যমঞ্চই সঠিক সময়ত ঐক্যবদ্ধ নোহোৱাৰ বাবেই নিৰ্বাচনত পৰাজয়বৰণ কৰিবলগীয়া হয়৷’— বিৰোধী ঐক্যমঞ্চৰ হৈ প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াই দ্বিতীয়বাৰৰ বাবে বিধায়কৰ আসন দখল কৰিবৰ সক্ষম হোৱা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কাজিৰঙাত সাংবাদিকৰ সন্মুখত এইদৰে কয়৷
গগৈয়ে কয় যে অসমৰ জনগণৰ মাজত থকা তিনি গগৈৰ প্ৰসংগ চলি আছিল যদিও কেৱল লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্ব্বিতা কৰা খোৱাং সমষ্টিতহে তিনিজন একলগ হৈছিল৷ তাৰ বাহিৰে কোনো নিৰ্বাচনী সভাত একেলগ হৈ প্ৰচাৰ চলাব নোৱাৰিলে৷
আনকি কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীয়েও বিশেষ প্ৰচাৰ অভিযানত অংশ নল’লে! যাৰ বাবেই বিৰোধী ঐক্যমঞ্চই ৰাইজৰ মাজত বৰ বিশেষ সোমাব নোৱাৰিলে বুলি কয় অখিল গগৈয়ে৷
‘ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক চাৰি দিনৰ বাবে থাকি লৈ একেলগে প্ৰচাৰত অংশ ল’বলৈ প্ৰস্তাৱ আগবঢ়াইছিল বুলি সাংবাদিকক জানিবলৈ দি গগৈয়ে কয়, মই গৌৰৱ গগৈকো প্ৰস্তাৱ দিছিলো যে হেলিকপ্তাৰখনত অনবৰতে আমি একেলগে ঘূৰি থাকো৷
আনকি গৌৰৱ গগৈয়ে মোক কিছু সন্দেহৰ চকুৰে চাইছিল। মোক ৰাহুল অথবা প্ৰিয়ঙ্কা গান্ধীৰ ওচৰলৈ যাব দিয়া নাছিল। মোক গৌৰৱ গগৈয়ে এইবাৰো তেঁওৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নামাতিলে। যাৰ বাবে তেওঁ হাৰিল।
বিৰোধী ঐক্যমঞ্চই সময়মতে ঐক্যবদ্ধ নোহোৱাটোৱেই প্ৰধান কাৰণ বুলিও উল্লেখ কৰে অখিল গগৈয়ে৷
ইপিনে, নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি কোটি-কোটি টকা খৰছ কৰিছে শাসকীয় দলে৷ আনহাতে, চৰকাৰী টকাৰ ব্যৱহাৰ কৰি গাঁৱৰ সহজ-সৰল মানুহৰ মাজত ৯ হাজাৰ ১০ হাজাৰ টকাকৈ দিছে৷ তদুপৰি, প্ৰতি ঘৰ মানুহক খামৰ ভিতৰত ভৰাই এহেজাৰ/দুহেজাৰ টকাকৈ বিলাইছে বিজেপিয়ে৷ যি এক সুস্থ গণতন্ত্ৰৰ বাবে, সুস্থ পৰিৱেশৰ বাবেই এক ভয়াৱহ নিৰ্বাচন৷
তাৰ বিপৰীতে বিৰোধী ঐক্যমঞ্চই মানুহৰ আন্তৰিকতা, মৰম, আদৰক লৈ নিৰ্বাচন খেলিছিল৷ সেয়ে এয়া এক যুঁজ যদিও ঘোষণা হোৱা ফলাফল অভূতপূৰ্ব হোৱাৰ বাবে এই যুঁজ বিশ্বাস কৰিবলৈ টান হৈছে৷
অখিল গগৈয়ে কয় যে এখন সাংঘাতিক অবিশ্বাস্য যুঁজ এখন হ’ল৷ এতিয়াও বিশ্বাস কৰিব পৰা নাই যে বিজেপিয়ে ইতিহাসৰ আটাইতকৈ বেছি আসন পালে আৰু বিৰোধী কংগ্ৰেছে ইতিহাসৰ আটাইতকৈ নিম্নতম আসন পালে৷ মই এতিয়াও বিশ্বাস কৰিব পৰা নাই৷
অখিল গগৈয়ে লগতে কয় যে শিৱসাগৰ বিধানসভা সমষ্টিত ৩০ হাজাৰ ভোটত জয়ী হ’ম বুলি ভাবিছিল৷ কিন্তু, জয়ী হ’ল প্ৰায় ১৮ হাজাৰ ভোটত৷ ১২ হাজাৰ ভোট কমিলে৷ তাৰমানে কিবা এটা কাৰণত অতি প্ৰৱল ঢৌৱে ৰাইজৰ দলৰ সমষ্টিৰ ১২ হাজাৰ ভোট বিজেপিৰ পিনে লৈ গ’ল৷
সেইকাৰণে দুটা ধৰণে নিৰ্বাচনটোক বিবেচনা কৰিব লাগিব বুলি মন্তব্য কৰি গগৈয়ে কয়— এটা হ’ল ‘কাৰিকৰী দিশ৷’ কিবা গণ্ডগোল আছে নেকি সেই দিশটো ভালদৰে চোৱাচিতা কৰা দৰকাৰ৷ কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল সমষ্টিৰ পুনৰ নিৰ্ধাৰণ, এছ আৰ, প্ৰতিগৰাকী মহিলাৰ হাতত ৯ হাজাৰ আৰু ১০ হাজাৰকৈ টকা হাতত তুলি দিয়াৰ ঘটনা, অসমৰ মুখ্যমন্ত্ৰীজনৰ এটা এটা সমষ্টিত দুই-তিনিবাৰ সভা-সমিতি, বিজেপিৰ সাংগঠনিক স্থিতি— এই আটাইবিলাক স্থিতিৰ বিপৰীতে বিৰোধী পক্ষৰ দুৰ্বল অৱস্থান৷
এফালে বিজেপিৰ কোটি কোটি টকা খৰছ আৰু আনফালে বিৰোধী ঐক্যমঞ্চই কেইটামান সামান্য টকাৰে এখন অসম যুঁজ যুঁজিবৰ কাৰণে ওলাই আহিছিল৷ তেওঁ লগতে কয় বিৰোধীৰ দীৰ্ঘদিন ধৰি হতাশ হৈ থকা কৰ্মী থকাৰ বিপৰীতে ‘মন কী বাত’ আদিৰ জৰিয়তে সদায় খাৰ-বাৰুদ দি থকা শাসকৰ এটা বাহিনী৷
এনে প্ৰেক্ষাপটত নিৰ্বাচনত পৰাজয় হোৱাটো একপ্ৰকাৰ স্বাভাৱিকেই৷ অখিল গগৈয়ে কয় যে ৰাইজে যিহেতু ৰাইজৰ দলক অসমৰ এটা গুৰুত্বপূৰ্ণ দল হিচাপে থাকি অসমৰ সমাজ-ৰাজনৈতিক জীৱনলৈ সেৱা আগবঢ়াবলৈ দায়িত্ব অৰ্পণ কৰিছে সেয়ে এতিয়াৰে পৰা আৰু দায়বদ্ধতাৰে কাম কৰিব লাগিব৷
‘আমি অসমৰ ৪ নম্বৰ দলত পৰিণত হ’লো বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় — ৰাইজৰ দলৰ ‘টাৰ্গেট’ আছিল দলটোক ‘স্বীকৃতি প্ৰদান’ কৰাটো৷ যাৰ বাবে ৰাইজৰ দলক প্ৰয়োজন আছিল ৬% ভোট অথবা ৪ গৰাকী বিধায়ক৷ কিন্তু বিৰোধীৰে মিত্ৰতা কৰাৰ কাৰণে ৰাইজৰ দলে সেই সংখ্যাৰ ভোট আনিব নোৱাৰিলে৷ ইয়াৰ কাৰণ হিচাপে অখিল গগৈয়ে কয় যে ৰাইজৰ দলে কেৱল ১৩টা সমষ্টিৰ পৰাহে প্ৰতিদ্বন্দ্ব্বিতা কৰিছিল।
গতিকে ৬ শতাংশ ভোট অনাটো সম্ভৱ হৈ নুঠিল আৰু এইবাৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল হোৱাৰ পৰা বঞ্চিত হয় বুলি উল্লেখ কৰে৷ ইপিনে জাতীয় পৰিষদে কথাবোৰ নতুনকৈ চিন্তা কৰাৰ দৰকাৰ, নিজৰ মাজত আলোচনা-বিলোচনা কৰা দৰকাৰ বুলি উল্লেখ কৰি গগৈয়ে কয়, কংগ্ৰেছে আচলতে আকৌ সাগৰ মন্থন কৰিব লাগিব৷
আনহাতে, কংগ্ৰেছৰ সংখ্যালঘু বিধায়কৰ সংখ্যাক লৈ গগৈয়ে কয় — এতিয়া কংগ্ৰেছৰ কাৰণে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ গ’ল৷ এজন সংখ্যাগৰিষ্ঠ বিধায়ক আৰু ১৮জন সংখ্যালঘূ বিধায়ক৷ এইটো ভয়ানক প্ৰত্যাহ্বান বুলি মন্তব্য কৰি গগৈয়ে কয় এই কথাটো কংগ্ৰেছক আগতে কোৱা হৈছিল৷
গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ আৰু দেৱব্ৰত শইকীয়া জিকি অহাটো অত্যন্ত প্ৰয়োজন আছিল, এই তিনিজন মানুহক অসমৰ দৰকাৰ আছিল বুলি প্ৰকাশ কৰি গগৈয়ে কয়, আমাৰ দুজনক ৰাইজে জিকালে৷ ইয়াৰ লগতে জ্ঞানশ্ৰী বৰাক জিকাই আনিব পৰাহেতেঁন আমি তিনিটায়ে বিধানসভাত দেখুৱাই দিলোহেঁতেন৷’
ইপিনে, মন্দিয়াৰ পৰা জয়লাভ কৰা শ্বেৰমান আলিক শুভকামনা জনায় গগৈয়ে৷ আজি অখিল গগৈক কাজিৰঙাত বিভিন্নজনে অভিবাদন জনায়৷
নিয়মী়য়া বাৰ্তা, কাজিৰঙা, ৬ মে’