নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত নতুন নিয়ম, মুখ ঢাকি কথা পাতিলে লাভ কৰিব ৰেড কার্ড

ডিজিটেল ডেস্ক, ৭ মে’ : আগন্তুক ফিফা বিশ্বকাপত খেলপথাৰত ফুটবলাৰৰ আচৰণত ডাঙৰ পৰিৱর্তন আহিব৷ আন্তঃৰাষ্ট্রীয় ফুটবল সন্থাৰ ব’র্ডে পৰীক্ষামূলক ভিত্তিত ফিফাই প্রস্তাৱ কৰা দুটা নতুন নিয়মত অনুমোদন জনাইছে, যিবোৰ পৰৱর্তী বিশ্বকাপত কার্যকৰী কৰাৰ পৰিকল্পনা কৰা হৈছে৷

নতুন নিয়ম অনুসৰি ৰেফাৰীৰ সিদ্ধান্তৰ প্রতিবাদত কোনো খেলুৱৈয়ে খেলপথাৰৰ পৰা ওলাই গ’লে পোনে পোনে ৰঙা কার্ড দেখুৱাব পাৰিব৷ একে সময়তে খেলপথাৰত তর্ক–বিতর্কৰ সময়ত মুখ ঢাকি কথা পতা বা সন্দেহজনক আচৰণ কৰাটোও যদি অপমানজনক বা বর্ণবাদী আচৰণৰ ইংগিত দিয়ে তেন্তে শাস্তি পাব পাৰি৷ ফিফাৰ সভাপতি জিয়ানি ইনফাণ্টিনোৱে কয় যে এই নিয়মৰ মূল উদ্দেশ্য হৈছে খেলপথাৰত শৃংখলা বজাই ৰখা৷ যদি কোনো খেলুৱৈয়ে মুখ ঢাকি কিবা এটা কয় আৰু ইয়াৰ ফলত বর্ণবাদী আচৰণৰ অভিযোগ উত্থাপন হয় তেন্তে তেওঁক বাহিৰ কৰি দিয়া উচিত৷

তেওঁ লগতে কয় যে কাৰোবাৰ যদি লুকুৱাবলৈ একো নাথাকে তেন্তে মুখখন ঢাকি কথা কোৱাৰ প্রয়োজন নাই৷ ফেব্রুৱাৰী মাহত ইউৰোপীয় মেচ এখনত সংঘটিত ঘটনাৰ পিছতে এই প্রস্তাৱিত নিয়ম আহিছে, য’ত এজন খেলুৱৈয়ে মুখ ঢাকি কথা কওঁতে বর্ণবাদী আচৰণৰ অভিযোগ উত্থাপন হৈছিল আৰু পিছত তেওঁক শাস্তি বিহা হৈছিল৷ এতিয়াৰ বাবে পৰীক্ষামূলক ভিত্তিত এই নিয়ম প্রযোজ্য হ’ব বুলিও কয় আইএফএবিয়ে৷ অৱশ্যে ফিফাই নিশ্চিত কৰিছে যে আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ বিশ্বকাপৰ বাবেহে এইবোৰ কার্যকৰী হ’ব৷

নতুন নিয়মৰ জৰিয়তে কেৱল খেলুৱৈয়েই নহয়, দলৰ বিষয়াসকলকো শাস্তি বিহা হ’ব৷ যদি কোনো বিষয়াই খেলুৱৈক খেলপথাৰ এৰি যাবলৈ উচটনি দিয়ে তেন্তে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্রহণ কৰা হ’ব৷ তদুপৰি যদি কোনো দলৰ কার্যৰ বাবে কোনো মেচ পৰিত্যাগ কৰা হয় তেন্তে ইয়াক ৱাকঅভাৰ বুলি গণ্য কৰা হ’ব পাৰে৷

You might also like