টীয়কৰ ভকত গাঁৱত জঘন্য ঘটনা, অভিযুক্ত বৃদ্ধ গ্ৰেপ্তাৰ
যোৰহাট জিলাৰ টীয়কৰ চেনিজান ৰামপুৰ ভকত গাঁৱত সংঘটিত এক জঘন্য ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, ৬৫ বছৰীয়া এজন বৃদ্ধই দুগৰাকী নাবালিকাৰ ওপৰত যৌন নিৰ্যাতন চলায়।
জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি দুয়োগৰাকী নাবালিকা ঘৰৰ ওচৰৰ বাৰীত আম খাবলৈ যাওঁতে অভিযুক্ত ৰাধেশ্যাম বাউৰিয়ে ফুচুলাই নিজৰ ঘৰৰ কোঠাত লৈ যায়। তাত তেওঁ নাবালিকাদ্বয়ৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ইয়াৰ পিছতে নিৰ্যাতিত এগৰাকী নাবালিকাই নিজ ঘৰত আত্মহননৰ পথ বাছি লয় বুলি জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ভকত গাঁৱত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় আৰু ঘটনাটো পোহৰলৈ আহে।
ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত ৰাধেশ্যাম বাউৰিক গ্ৰেপ্তাৰ কৰে। লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
ইপিনে, স্থানীয় ৰাইজে অভিযুক্তজনক অতি শীঘ্ৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে।
ডিজিটেল ডেস্ক, ৯ মে’