নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা গড়চুকত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে এজনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ১০ মে’ : গুৱাহাটীৰ গড়চুকত নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী। জানিব পৰা মতে, নিশা বিহু চাই পামহী দিশৰ পৰা গড়চুক অভিমুখে আহি থকা এখন বাইকে বিপৰীত দিশৰ পৰা অহা এখন স্কুটীক প্ৰচণ্ড জোৰে খুন্দা মাৰে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাইকচালক বিশ্বজিত ৰাভা নামৰ যুৱকজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে। আনহাতে, স্কুটীচালক গণেশ বসুমতাৰীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

You might also like