ভ্রমণে মন্থৰ কৰিব পাৰে বার্ধক্য অহাৰ প্রক্রিয়া, নতুন গৱেষণাত ইতিবাচক খবৰ
ডিজিটেল ডেস্ক, ১০ মে’ : বার্ধক্য আমাৰ জীৱনৰ এক অৱধাৰিত পৰিণতি যদিও কোনেও এই অৱস্থা কামনা নকৰে৷ সেইবাবে প্রত্যেকেই কম-বেছি পৰিমাণে নিজৰ দেহ–মনক যৌৱনোদ্দীপ্ত কৰি ৰাখিবলৈ চেষ্টা কৰে৷ কোনোবাই যদি জীমলৈ যায়, কোনোবাই আকৌ বিউটী পার্লাৰলৈ যায়, আন কোনোবাই যায় লাফিং ক্লাবলৈ৷ মুঠতে দেহৰ আৰু মনৰ বার্ধক্য ৰোধ কৰিবলৈ আমি বিভিন্ন ধৰণৰ প্রচেষ্টাত ব্রতী হওঁ৷
কিন্তু এটা নতুন গৱেষণাই জনাইছে যে নিয়মীয়া ভ্রমণে শৰীৰ আৰু মনৰ বার্ধক্য ৰোধত বহু পৰিমাণে সহায় কৰিব পাৰে৷ অষ্ট্রেলিয়াৰ এডিথ কোৱান ইউনিভার্ছিটীৰ গৱেষকসকলে শেহতীয়াকৈ এই সন্দর্ভত এটা চমকপ্রদ তথ্য আগবঢ়াইছে৷
‘জার্নেল অৱ ট্রেভেল ৰিছার্চ’ত প্রকাশিত এই গৱেষণা–পত্রৰ তথ্য অনুসৰি, ইতিবাচক ভ্রমণৰ অভিজ্ঞতাই মানুহৰ শৰীৰ-মনৰ বার্ধক্য প্রক্রিয়াক মন্থৰ কৰিব পাৰে৷ বিজ্ঞানীসকলে এই বিষয়টোক এন্ট্ৰীপ বা বিশৃংখলাৰ তত্ত্বৰে বিশ্লেষণ কৰিছে৷ তেওঁলোকৰ মতে বয়স বঢ়াৰ লগে লগে শৰীৰৰ আভ্যন্তৰীণ ভাৰসাম্য বিঘ্ণিত হয়, যাক বিজ্ঞানৰ ভাষাত কোৱা হয় উচ্চ এন্ট্ৰপী দশা৷ নিয়মীয়া ভ্রমণে এই বিশৃংখলা অতিক্রম কৰি শৰীৰক সংহত বা ‘ল’ এন্ট্ৰপী’ অৱস্থালৈ ওভতাই নিয়াত সহায় কৰে৷
কোৱা হৈছে যে ঘৰৰ ৪ দেৱালৰ বন্দী জীৱনত যি উদ্দীপনা পোৱা নাযায়, তাক ভ্রমণৰ পৰিৱেশে অনায়াসে আনি দিব পাৰে৷ নতুন ঠাইত চলা–ফুৰা কৰা, নতুন ঠাই দর্শন কৰা, নতুন নতুন মানুহক লগ পোৱা আদি অভিজ্ঞতাই মানুহৰ মন আৰু শৰীৰক উজ্জীৱিত কৰি ৰাখিব পাৰে৷