নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লেঅফৰ আশা নির্বাপিত মুম্বাইৰ, বেংগালুৰুৰ বিৰুদ্ধে ২ উইকেটত পৰাস্ত

ডিজিটেল ডেস্ক, ১১ মে’ : আইপিএলত শোচনীয় প্রদর্শনৰ পিছত প্লেঅফৰ আশা নির্বাপিত হয় মুম্বাই ইণ্ডিয়ানছৰ৷ দেওবাৰে ৰায়পুৰত অতি গুৰুত্বপূর্ণ এখন মেচত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত ২ উইকেটত পৰাজিত হয় সূর্যকুমাৰ নেতৃত্বাধীন দলটো৷

জয়ৰ বাবে ১৬৮ ৰানৰ লক্ষ্য লৈ বেংগালুৰুৱে ক্রুণাল পাণ্ডিয়াৰ ৭৩ ৰানৰ অনবদ্য ইনিংছৰ সহায়ত অন্তিম বলত শ্বাসৰুদ্ধকৰ বিজয় সাব্যস্ত কৰে৷ কোহলিকে ধৰি দলটোৰ টপ অর্ডাৰৰ বেটাৰসকল মেচখনত ব্যর্থ হয়৷

ইফালে, প্রথমে বেটিং কৰি ভুবনেশ্বৰ কুমাৰৰ বিধ্বংসী বলিঙত অ’পেনাৰ ৰিকেলটন ২ ৰানতে আউট হোৱাৰ পিছত ব্যক্তিগত ২২ ৰানত পেভিলিয়নলৈ ওভতে ৰোহিত শর্মা৷ ইয়াৰ পিছৰটো বলতে অধিনায়ক সূর্যকুমাৰ যাদৱো শূন্যতে আউট হয়৷ চতুর্থ উইকেটত নমন ধীৰ আৰু তিলক বার্মাই ক্রমে ৪৭ আৰু ৫৭ ৰানৰ বৰঙণিৰে দলৰ স্ক’ৰ আগুৱাই নিয়ে৷ দলটোৱে ৭ উইকেট হেৰুৱাই ২০ অভাৰত ১৬৬ ৰান সংগ্রহ কৰে৷ বেংগালুৰুৰ হৈ ভুবনেশ্বৰ কুমাৰে ৪ অভাৰত ২৩ ৰানৰ বিনিময়ত ৪টা উইকেট দখল কৰে৷

You might also like