নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ্থীক সম্বৰ্ধনা মাজুলী আৰক্ষীৰ

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (HS) কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে মাজুলী আৰক্ষীয়ে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰে।

জিলাখনৰ তিনিওখন আৰক্ষী থানাত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক লৈ এক মত-বিনিময় তথা সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। মাজুলী আৰক্ষীৰ উদ্যোগত আয়োজিত এই বিশেষ কাৰ্যসূচীত জিলাখনৰ সফল শিক্ষাৰ্থীসকলক আমন্ত্ৰণ জনোৱা হয়।

অনুষ্ঠানত আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে শিক্ষাৰ্থীসকলৰ সৈতে এক আন্তৰিক আলাপত মিলিত হয়। কেৱল অভিনন্দন জ্ঞাপন কৰাই নহয়, আগন্তুক শিক্ষাজীৱনত কেনেকৈ লক্ষ্য স্থিৰ কৰি আগবাঢ়িব লাগে আৰু সমাজ গঠনত এজন দায়িত্বশীল নাগৰিক হিচাপে কেনে ভূমিকা পালন কৰিব পাৰি, সেই সন্দৰ্ভতো গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা হয়।

আৰক্ষীৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ এই গৌৰৱোজ্জ্বল সফলতাৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যৎ কামনা কৰা হয়। আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে উঠি অহা প্ৰজন্মক সঠিক দিশত পৰিচালিত কৰাৰ লক্ষ্যৰে আৰক্ষীয়ে গ্ৰহণ কৰা এই ব্যতিক্ৰমী প্ৰয়াসে এতিয়া জিলাখনত যথেষ্ট শলাগ লৈছে।

মেধাৱী ছাত্ৰ-ছাত্ৰীসকলেও আৰক্ষীৰ এনে সঁহাৰি আৰু মৰম লাভ কৰি যথেষ্ট উৎসাহিত হোৱা পৰিলক্ষিত হয়।

নিয়মীয়া বাৰ্তা, নতুন বজাৰ, ১১ মে’

You might also like