নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্ল’ৰ টেষ্ট : সদনত সংখ্যাগৰিষ্ঠতা দেখুৱালে TVK নেতৃত্বাধীন চৰকাৰে

তামিলনাডু বিধানসভাত অনুষ্ঠিত ফ্ল’ৰ টেষ্টৰ অগ্নিপৰীক্ষাত সফলতা লাভ কৰিলে মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন চৰকাৰে। ফ্ল’ৰ টেষ্টত বিজয় চৰকাৰৰ পক্ষত ১৪৪জন বিধায়কে সমৰ্থন আগবঢ়ায়। আনহাতে, ভোটগ্ৰহণৰ পূৰ্বেই প্ৰধান বিৰোধী দলসমূহে সদনৰ পৰা ৱাকআউট কৰে।

ইয়াৰ লগে লগে Tamilaga Vettri Kazhagam (TVK) নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে বিধানসভাত আস্থা ভোট লাভ কৰিবলৈ সক্ষম হয়।

২৩৪ সদস্যবিশিষ্ট তামিলনাডু বিধানসভাত TVK সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল যদিও এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল। পৰৱৰ্তী সময়ত কংগ্ৰেছ, চিপিআই, চিপিআইএম, ভিচিকে, আইইউএমএল আৰু আন কেইবাটাও সৰু দল তথা নিৰ্দলীয় বিধায়কৰ সমৰ্থনত বিজয়ে চৰকাৰ গঠন কৰিছিল।

বিধানসভাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী বিজয়ে সদনত আস্থা প্ৰস্তাৱ দাখিল কৰে। আলোচনা চলাকালীন শাসকীয় মিত্ৰদলসমূহে চৰকাৰৰ সমৰ্থনত বক্তব্য ৰাখে। আনহাতে, বিৰোধী দলসমূহে বিভিন্ন বিষয়ত চৰকাৰক সমালোচনা কৰে। যদিও ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰধান বিৰোধী দলসমূহে সদনৰ পৰা ৱাকআউট কৰে।

বিধানসভা নিৰ্বাচনত TVKয়ে ১০৮খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল যদিও সংখ্যাগৰিষ্ঠতাৰ পৰা ১০খন আসন পিছ পৰি আছিল। বিজয়ে দুটা বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰাৰ ফলত এখন আসন এৰিবলগীয়া হয় আৰু TVKৰ আসন সংখ্যা ১০৭লৈ হ্ৰাস পায়।

TVKৰ মিত্ৰদলসমূহৰ ভিতৰত কংগ্ৰেছৰ ৫জন বিধায়ক, CPI, CPI(M), VCK আৰু IUMLৰ ২জনকৈ বিধায়ক অন্তর্ভুক্ত আছে। এই সকলো মিলাই বিধানসভাত মিত্ৰজোঁটৰ সংখ্যা ১২০লৈ বৃদ্ধি পায়। যদিও ফ্ল’ৰ টেষ্টত চৰকাৰৰ সপক্ষে মুঠ ১৪৪ জন বিধায়কে সমৰ্থন আগবঢ়ায়।

ডিজিটেল ডেস্ক, ১৩ মে’

You might also like