অনুমান কৰাতকৈ অধিক ব্যয়বহুল হৈ পৰিছে মধ্যপ্রাচ্যৰ যুদ্ধ
আমেৰিকাই ইৰানৰ বিৰুদ্ধে কৰা যুদ্ধ শাম কটাৰ কোনো ইংগিত স্পষ্ট হোৱা নাই৷ ইয়াৰ মাজতে পেণ্টাগনৰ এজন বিষয়াই ৰাজহুৱা কৰা তথ্যই সকলোৰে চকু কপালত তুলিছে৷ বিষয়াগৰাকীৰ মতে, অনুমান কৰাতকৈ অধিক ব্যয়বহুল হৈ পৰিছে মধ্যপ্রাচ্যৰ যুদ্ধ৷ ২৮ ফেব্রুৱাৰীত আমেৰিকাই ইজৰাইলৰ সহযোগত ইৰানত কৰা আক্রমণৰ পিছৰে পৰা বিগত দুমাহত আমেৰিকাৰ ২৯ বিলিয়ন মার্কিন ডলাৰ অর্থাৎ ভাৰতীয় টকাৰ মূল্যত প্রায় ২,৯০০ কোটি টকা খৰচ হৈছে৷
এই ব্যয় যোৱা মাহৰ শেষৰ ফালে কৰা অনুমানতকৈ ৪ বিলিয়ন মার্কিন ডলাৰ অধিক৷ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ শাসন অন্ত পৰিবলৈ প্রায় ৬ মাহ সময় থকাৰ অৱস্থাতে মধ্য প্রাচ্যৰ যুদ্ধই ৰিপাব্লিকানক ব্যাপক প্রভাৱিত কৰিছে৷ ইয়াৰ সুযোগ গ্রহণ কৰিলে ডেম’ক্রেটছসকলে৷
যোৱা ২৯ এপ্রিলত পেণ্টাগনে ইৰানৰে যুদ্ধত আমেৰিকাৰ প্রায় ২৫ বিলিয়ন মার্কিন ডলাৰ খৰচ হ’ব বুলি অনুমান কৰিছিল৷ কিন্তু ৰয়টাৰত প্রকাশ পোৱা মতে, জুলছ হার্ষ্ট নামৰ বিষয়াগৰাকীয়ে যুদ্ধৰ সময়ত সঁজুলিৰ আপডেট, মেৰামতিৰ খৰচ আৰু অস্ত্র–শস্ত্রৰ বাবদ আমেৰিকাৰ ব্যয় মাত্রাধিক হৈ পৰিছে৷
বিষয়াগৰাকীয়ে ৰয়টার্ছক দিয়া তথ্য অনুসৰি, ২৯ বিলিয়ন মার্কিন ডলাৰ খৰচৰ হিচাপ সবিশেষ নাই যদিও যুদ্ধৰ প্রথম ৬ দিনতে আমেৰিকাৰ অতি কমেও ১১.৩ বিলিয়ন মার্কিন ডলাৰ খৰচ হোৱা বুলি কয়৷ তাৎপর্যপূর্ণ এই যে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ইজৰাইলৰ প্রধানমন্ত্রী নেত্যান্যেহুৰ সৈতে একত্রিত হৈ ইৰানত মোল্লাতন্ত্রৰ অৱসানৰ বাবে আৰু দেশখনৰ তৈল ভাণ্ডাৰত নিয়ন্ত্রণৰ লক্ষ্যৰে আক্রমণ কৰিছিল৷
কিন্তু অতি সহজ বুলি কৰা আক্রমণে এতিয়া আমেৰিকাৰ বাবেও অধিক সমস্যাৰ সৃষ্টি কৰিছে৷
ডিজিটেল ডেস্ক, ১৩ মে’