নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গুৱাহাটী হাইক’ৰ্টত শ্যামকানুৰ জামিন আবেদনৰ শুনানি

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত এই শুনানি গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে পূৰ্বে ১৩ মে’ত শুনানিৰ দিন ধাৰ্য কৰা হৈছিল। পাছত ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই জামিন আবেদন নাকচ কৰাৰ বাবে বিষয়টো ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠলৈ হস্তান্তৰ কৰে।

ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। সত্র আদালতত জামিন নাপোৱাৰ পিছত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যামকানু মহন্ত।

ডিজিটেল ডেস্ক, ১৫ মে”

You might also like