বাৰিষা কালৰ আগমন আৰু বন্যজন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৫ জুনৰ পৰা পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। এই বন্ধৰ সময়ছোৱাত উদ্যানখনৰ জীপ-চাফাৰী, হাতী চাফাৰী আৰু ৰাফটিং সম্পূৰ্ণৰূপে বন্ধ থাকিব।
বন বিষয়া প্ৰাঞ্জল তালুকদাৰে জনোৱা মতে, চলিত বৰ্ষত অভিলেখসংখ্যক প্ৰায় ৬০ হাজাৰ দেশী আৰু ১৬০০ বিদেশী পৰ্যটকে উদ্যানখন পৰিভ্ৰমণ কৰিছে। যাৰ ফলত মানাহ কৰ্তৃপক্ষই এইবেলি প্ৰায় ১.৫ কোটি টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে শেহতীয়াভাৱে মানাহত জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বিৰল ক’লা বাঘ অৰ্থাৎ ‘ঘোঙ’ (Black Panther) পৰ্যটক আৰু জনপ্ৰিয় ফটোগ্ৰাফাৰসকলৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
আনকি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত মানাহৰ এই ঘোঙৰ বিচৰণৰ ভিডিঅ’ প্ৰচাৰ কৰাত উদ্যান কৰ্তৃপক্ষ অত্যন্ত উৎফুল্লিত হৈ পৰিছে। বাৰিষাৰ অন্তত অক্টোবৰ মাহৰ পৰা নতুন পৰ্যটন বৰ্ষৰ বাবে মানাহ পুনৰ মুকলি কৰা হ’ব।
ডিজিটেল ডেস্ক, ১৭ মে’