লালুকত হৃদয়বিদাৰক ঘটনা : ৮ বছৰীয়া কিশোৰীৰ চৰম পথ
লালুকত এগৰাকী ৮ বছৰীয়া কিশোৰী ঘৰৰ ভিতৰত ডিঙিত দুপাট্টা মেৰিয়াই মাটিত পৰি মৃত অৱস্থাত উদ্ধাৰ কৰা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে৷ ঘটনাৰ সন্দৰ্ভত লালুক আৰক্ষীয়ে প্ৰকাশ কৰা মতে লালুক থানাৰ অন্তৰ্গত ধৰ্মপুৰ ব্লকৰ আবু ছহিদৰ আঠ বছৰীয়া কন্যা নিজৰ মাতৃৰ সৈতে আইতাক (মাকৰ মাক)ৰ ঘৰত আশ্ৰয় লৈ আছিল৷
ঘটনাৰ আগমুহূৰ্তত কনমানি গৰাকীয়ে ঘৰৰ ভিতৰত অকলশৰে খেলি আছিল৷ সেই সময়ত কিশোৰী গৰাকীৰ মাতৃ আৰু আইতাক ঘৰত নাছিল৷ কিছু সময়ৰ পিছত আইতাক ঘৰলৈ আহি দুৱাৰ খুলি কিশোৰী গৰাকী ডিঙিত দুপাট্টা মেৰিয়াই মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৷
এই কথা প্ৰাথমিক তদন্তত প্ৰকাশ বুলি লালুক আৰক্ষীয়ে জানিবলৈ দিছে৷ ততাতৈয়াকৈ কিশোৰীগৰাকীক লালুক মডেল হাস্পতাললৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ ঘটনাৰ খবৰ পাই লালুক আৰক্ষী লালুক মডেল হাস্পতালত উপস্থিত হয়৷
লালুক আৰক্ষীৰ লগতে জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হয়৷ বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লালুক আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ যাৱতীয় কাৰ্যপন্থাৰ অন্তত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ লালুক আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷
নিয়মীয়া বাৰ্তা, লালুক, ১৮ মে’