গুৱাহাটীৰ সাতগাঁৱত বিধ্বংসী অগ্নিকাণ্ড
গুৱাহাটী সাতগাঁও থানাৰ অন্তৰ্গত সোনাই মিকিৰ পথত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। সোনাই মিকিৰ পথৰ প্ৰবীণ ৰংপীৰ ভাৰাঘৰত জুইৰ সূত্ৰপাত হয়।
৬টা ঘৰত ভাৰাতীয়া হিচাপে থকা ছয়টা পৰিয়ালৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয়। ঘৰৰ ভিতৰত থকা বিদ্যুতৰ তাঁৰৰ পৰা জুইৰ সূত্ৰপাত হয়। দুটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুয়ে মাৰাত্মক ৰূপ ধাৰণ কৰে।
পিছত সাতগাঁও থানাৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত পানী মাৰি জুই নিৰ্বাপণ কৰাৰ চেষ্টা কৰে। এঘণ্টা পিছত জুই নুমোৱাৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হৈ পানী মাৰি জুই নিৰ্বাপন কৰে।
এই অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয়। শ্বট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অগ্নি নিৰ্বাপক বাহিনীয়ে সন্দেহ কৰিছে।
ডিজিটেল ডেস্ক, ১৮ মে’
উল্লেখ্য যে, সাতগাওঁ থানাৰ পৰা মাত্ৰ100 মিটাৰ নিলগত এই অগ্নিকাণ্ড সংঘটিত হয়।