নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NEET-UG 2026 প্ৰশ্নকাকত ফাদিল : কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ

NEET-UG 2026 প্ৰশ্নকাকত ফাদিল কাণ্ডত CBI-য়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। তদন্তকাৰী সংস্থাটোৱে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এটা কোচিং প্ৰতিষ্ঠানৰ গৰাকীক গ্ৰেপ্তাৰ কৰিছে।

CBI-য়ে মূল অভিযুক্ত অধ্যাপক শিৱৰাজ মোটেগাংকৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁ লাতুৰস্থিত RCC কোচিং প্ৰতিষ্ঠানৰ গৰাকী আৰু পৰিচালক। এই প্ৰতিষ্ঠানটোৱে শিক্ষাৰ্থীসকলক NEET UG পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰায়। প্ৰতিষ্ঠানটোৰ মুঠ ৯টা শাখা আছে, যাৰ মুখ্য শাখা লাতুৰত অৱস্থিত।

জানিব পৰা মতে, শিৱৰাজ মোটেগাংকৰ NTA-ৰ সৈতে জড়িত ৰসায়ন বিজ্ঞানৰ অধ্যাপক পি.ভি. কুলকাৰ্ণীৰ ঘনিষ্ঠ ব্যক্তি। CBI-য়ে তেওঁৰ প্ৰতিষ্ঠান আৰু বাসগৃহত চলোৱা তালাচীৰ সময়ত ৰসায়ন বিজ্ঞানৰ এখন প্ৰশ্নকাকত উদ্ধাৰ কৰে। সেই প্ৰশ্নপকাকতত ৩ মে’ত অনুষ্ঠিত হোৱা NEET পৰীক্ষাত সোধা প্ৰশ্নসমূহৰ সৈতে মিল থকা বহু প্ৰশ্ন পোৱা গৈছে।

ডিজিটেল ডেস্ক, ১৮ মে’

You might also like