নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি জুলাইত ছবিগৃহলৈ আহিব ‘ককাদেউতা, নাতি আৰু হাতী–২’

ডিজিটেল ডেস্ক, যোৰহাট, ৩০ মে’ : আশীৰ দশকত নিপ বৰুৱা পৰিচালিত ককাদেউতা, নাতি আৰু হাতী ছবিখনে চহা অসমীয়া গ্রাম্য জীৱনৰ নিভাঁজ প্রতিচ্ছবি তুলি ধৰি বিপুল সমাদৃত হৈছিল৷ এন চি প্রডাকচনৰ বেনাৰত এন চি দত্তৰ প্রযোজনাত নির্মিত ছবিখনত শিশু চৰিত্রত অভিনয় কৰিছিল বর্তমানৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ১৯৮৩ চনৰ ১৮ নৱেম্বৰত মুক্তি পোৱা ছবিখন চোৱাৰ স্মৃতি আজিও অসমীয়াৰ হূদয়ৰ মণিকোঠত সজীৱ হৈ আছে৷ ছবিখনৰ মৌজাদাৰ সর্বেশ্বৰ শইকীয়াৰ নাতিয়েকৰ চৰিত্রত অভিনয় কৰিছিল সেই সময়ত শিশু হিমন্ত বিশ্ব শর্মাই৷ সেই ছবিখনৰ মুক্তিৰ চাৰি দশকৰ পিছত নতুন ৰূপত দর্শকৰ সন্মুখলৈ আহিছে ককাদেউতা, নাতি আৰু হাতী–২ ৷

প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বেনাৰত, প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ প্রযোজনাত নির্মাণ হোৱা ছবিখন অহা ৩ জুলাইত মুক্তি লাভ কৰিব৷ শুকুৰবাৰে সন্ধিয়া যোৰহাটৰ ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰৰ প্রেক্ষাগৃহত ছবিখনৰ দুটি গীত মুকলি কৰা হয়৷ এই মর্মে অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইনে আদৰণী ভাষণত ৰাইজক ছবিখন সন্দর্ভত অৱগত কৰাৰ লগতে এইক্ষেত্রত ৰাইজৰ সহযোগিতা কামনা কৰে৷

ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই কয় যে মোৰ খুব ভাল লাগিছে আৰু ভয় লাগিছে৷ কিয়নো এক দীর্ঘদিনীয়া প্রচেষ্টাৰ অন্তত ইতিমধ্যে ছবিখনৰ কাম সম্পূর্ণ হৈছে আৰু ছবিখনত কাম কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ৷ কিয়নো সেই সময়ত নিপ বৰুৱাই যেনেদৰে ছবিখন পৰিচালনা কৰিছিল এতিয়া মই সেই সফলতা ধৰি ৰখাত কিমান সফল হৈছোঁ নাজানো৷ তথাপি বিশ্বাস যে ছবিখন ৰাইজে আদৰি ল’ব৷ তেওঁ আৰু কয়- এই কালজয়ী ছবিখনৰ দুটা দিশ মন কৰিব লাগিব যে ’৮৩ চনত যিসকলে এই ছবিখন চাইছিল তাৰ লিগেচী ইয়াত বিচাৰি পাব৷ অতি সতর্কতাৰে পুৰণা ছবিখনত আউল নলগাকৈ মান অটুট ৰাখি আগবঢ়াই নিয়াৰ চেষ্টা কৰা হৈছে৷ তদুপৰি এই ছবিখন চাই নতুন প্রজন্মই পুনৰ পূর্বৰ ছবিখন চোৱাৰ হাবিয়াস কৰিব৷ ছবিখনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো ছাছপেন্স দিব বুলি তেওঁ মন্তব্য কৰে৷ অসমীয়া চিনেমা ইতিহাসত এটা নজিৰ যাতে ছবিখনে সৃষ্টি কৰিব পাৰে, তাৰ বাবে চিন্তাচর্চা কৰি ছবিখনৰ সকলো দিশ আগুৱাই নিয়া হৈছে৷

অনুষ্ঠানটোত উপস্থিত থাকি অভিনেতা প্রাঞ্জল শইকীয়াই নষ্টালজিক হৈ পৰে৷ তেওঁ কয়, ’৮৩ৰ এই ছবিখনত অভিনয় কৰা মাত্র দুজন অভিনেতাই একেখন ছবিত দ্বিতীয়বাৰ অভিনয় কৰিব পৰাটো পৰম সৌভাগ্য৷ সেই দুজন হৈছে এগৰাকী তেওঁ নিজে আৰু আনগৰাকী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ হিমন্ত বিশ্বই সেই সময়ত নাতিৰ চৰিত্রত অভিনয় কৰিছিল আৰু আজি একেখন ছবিত তেওঁ ককাকৰ চৰিত্রত অভিনয় কৰা বুলি উল্লেখ কৰে৷ ৰবচন লাল বৰুৱাৰ কথাৰে ‘হাস্নাহানা’ শীর্ষক গীতটোত কণ্ঠদান কৰা জনপ্রিয় কণ্ঠশিল্পী জয় বৰুৱাই অনুষ্ঠানত উপস্থিত থাকি অতি গৌৰৱবোধ কৰাৰ লগতে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ এই মহান পদক্ষেপক শলাগ জ্ঞাপন কৰে৷ ছবিখন সকলো দিশতে তেওঁ সফল হ’ব বুলি আশা কৰে৷

ছবিখনৰ আন শীর্ষক আন এটা গীত ‘জীৱন জোনাক’ত কণ্ঠদান কৰা কণ্ঠশিল্পী নাহিদ আফ্রিনে কয়, এই ছবিখনত প্রতিগৰাকী অসমীয়াৰ আৱেগ জড়িত হৈ আছে৷ সেয়ে সংগীতত যাতে কোনো ত্রুটি নাথাকে তাৰ বাবে তেওঁ যিমান উজাৰি দিব পাৰি সেয়া দিয়া হৈছে বুলি উল্লেখ কৰে৷ ছবিখনৰ এগৰাকী অভিনেত্রী প্রীতি কংকনাই কয়- এনে এখন ছবিত অভিনয় কৰিবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰাৰ লগতে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডক কৃতজ্ঞতা জ্ঞাপন কৰে৷ পৰিয়ালৰ সকলোৰে বাবে উপভোগ্য ছবিখন সকলো দিশতে সফল হ’ব বুলি তেওঁ আশা কৰে৷ ছবিখনৰ অভিনেতা উৎপল দাসে প্রযোজিকা ৰিণিকি ভূঞা শর্মাৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে তেওঁ সকলোৰে প্রেৰণা আৰু সাহস বুলি মন্তব্য কৰে৷ ছবিখনে অসমীয়া দর্শকৰ হূদয়ত বিশেষ স্থান লাভ কৰিব বুলি আশা কৰে৷

প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ ৰিণিকি ভূঞা শর্মাৰ প্রযোজনাত বিশ্বজিৎ বৰা পৰিচালিত ছবিখনৰ চিত্রনাট্য ৰাজদ্বীপৰ৷ চিনেমাগ্রাফী প্রদীপ দৈমাৰীৰ৷ ছবিখনৰ বিভিন্ন চৰিত্রত অভিনয় কৰিছে যতীন বৰা, উৎপল দাস, যশস্বী ভূঞা, কমললোচন, প্রীতি কংকনা, সিদ্ধার্থ শর্মা, শিশুশিল্পী আয়ুসকে ধৰি কেইবাগৰাকী অভিনেতা–অভিনেত্রী৷ উল্লেখ্য যে লাডাখ, যোৰহাট, তিতাবৰ, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন লোকেচনত চিত্রগ্রহণ কৰা এই ছবিখনক অসমৰ ৰাইজে আদৰি ল’ব বুলি আশাবাদী প্রতিগৰাকী কলা–কুশলী৷ যোৰহাট থিয়েটাৰত অনুষ্ঠিত ছবিখনৰ গীত মুকলি অনুষ্ঠানটোত যোৰহাটবাসীৰ সৈতে ছবিখনৰ অভিনেতা-অভিনেত্রী আৰু কলাকুশলীসকলক পৰিচয় কৰি দিয়া হয়৷ অনুষ্ঠানটোত যোৰহাটৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, সাংস্কৃতিক কর্মী উপস্থিত আছিল৷

You might also like