নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ওড়িশাৰ পাছত এইবাৰ পঞ্জাব চৰকাৰে বৃদ্ধি কৰিলে ৰাজ্যখনত চলি থকা লকডাউন আৰু সান্ধ্য আইন । শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্যখনৰ লকডাউন আৰু সান্ধ্য আইনৰ ম্য়াদ অহা ১ মে’ লৈকে বৃদ্ধি কৰে ।
যাৰ ফলত ৰাজ্যখনত আজিৰে পৰা পুনৰ ২১ দিনলৈ বৃদ্ধি হয় লকডাউন । ক’ভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেপ্তেইন অমৰিন্দৰ সিং চৰকাৰে গ্ৰহণ কৰে এই পদক্ষেপ ।
ইপিনে ৰাজ্যখনত ঘৰৰ বাহিৰলৈ ওলাই অহাৰ সময়ত জনসাধাৰণে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে সিং চৰকাৰে ।
ইয়াৰ বিপৰীতে কৃষকৰ ক্ষেত্ৰত এই লকডাউন কিছু শিথিল কৰাৰ সিদ্ধান্ত লৈছে কৃষিপ্ৰধান ৰাজ্যখনে । উল্লেখ্য যে কৃষিকাৰ্য আৰম্ভ কৰাৰ সময় আহি পৰাত আৰু কৃষকৰ লোকচানৰ কথা চিন্তা কৰিয়ে এই সিদ্ধান্ত পঞ্জাব চৰকাৰৰ ।