নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত শোকাৱহ পথ দুৰ্ঘটনাত এজনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ৰূপহীহাট, ২০ জুন : ৰূপহীহাটৰ ভকতগাঁৱত আজি পুৱা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এএছ-০২ এএল-১৩২৭ নম্বৰৰ বাইক আৰু এএছ-১২ বিচি-৪০৮৫ নম্বৰৰ ডাম্পাৰৰ মুখামুখি সংঘর্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটি।

উক্ত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহীজন। নিহত বাইক আৰোহীজন ৰূপহীহাটৰ হাতীপাৰাৰ আনাৰুল ইছলাম। আনাৰুল ইছলাম পেছাত এগৰাকী মাদ্ৰাছাৰ শিক্ষক আছিল।উল্লেখ্য যে পথ দুৰ্ঘটনা সংঘটিত হোৱা ভকতগাঁৱৰ ঔঅনাত একেলগে তিনিটা টাৰ্নিং ঘন হাবি-জংঘলৰে ভৰা। হাবি-জংঘলেৰে ভৰাৰ বাবেই ইফালৰ পৰা গাড়ী গ’লে সিফালৰ পৰা দেখা নায়ায়।যাৰ বাবে ঠাইডোখৰত প্ৰায় প্ৰতিদিনে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

You might also like