বায়ুমণ্ডলৰ অ’জন স্তৰত বৃহৎ ছিদ্ৰ, অতি বেঙুনীয়া ৰশ্মিয়ে গ্ৰাস কৰিব পৃথিৱী
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ সমগ্ৰ বিশ্বক বিপৰ্যয়ৰ গৰাহলৈ ঠেলি দিয়া ন’ভেল ক’ৰোনা ভাইৰাছৰ ত্ৰাসৰ মাজতে মানৱ সভ্যতালৈ আন এক সংকট নামি আহিছে । ইয়াৰ মূলতেও প্ৰাকৃতিক পৰিঘটনা । ক’ভিড-১৯ ৰ দ্ৰুত সংক্ৰমণ প্ৰতিৰোধকল্পে পৃথিৱীৰ গৰিষ্ঠসংখ্যক দেশতেই সম্প্ৰতি চলি আছে লকডাউন । যাৰ বাবে বিগত দীৰ্ঘদিন ধৰি একপ্ৰকাৰ স্তব্ধ বিশ্ব । ৰাজপথত যান-বাহন চলাচল তেনেই সীমিত হোৱাৰ বিপৰীতে কল-কাৰখানাসমূহৰ উৎপাদন বন্ধ হৈ আছে । ফলত বায়ুমণ্ডলৰ প্ৰদূষণৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস পোৱা বুলি ইতিমধ্যে স্পষ্ট কৰিছে পৰিৱেশ বিজ্ঞানীসকলে । অকল বায়ুমণ্ডলেই নহয়, কল-কাৰখানাসমূহৰ বৰ্জিত পদাৰ্থ, জাহাজ-যন্ত্ৰচালিত নাওৰ চলাচলে ব্যাপক হাৰত দূষিত কৰা ব্ৰহ্মপুত্ৰ-গংগা-যমুনাকে ধৰি দেশৰ বহুকেইখন প্ৰধান নদীৰ জলধাৰা যোৱা দিনকেইটাত পূৰ্বৰ তুলনাত বহুলাংশে স্বচ্ছ হৈ পৰিছে । নিঃসন্দেহে আমাৰ পৰিৱেশৰ বাবে এয়া ইতিবাচক খবৰ । কিন্তু ইয়াৰ মাজতে ইউৰোপিয়ান স্পেচ এজেন্সীৰ এটা গৱেষক বিজ্ঞানীৰ দলে এক চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে । তথ্য অনুসৰি অতি শেহতীয়াকৈ সুমেৰু অঞ্চলৰ বায়ুমণ্ডলৰ অ’জন স্তৰত সৃষ্টি হৈছে এটা বৃহৎ ছিদ্ৰৰ । বিজ্ঞানীৰ দলটোৱে ইয়াক ব্যতিক্ৰমী ঘটনা ৰূপে আখ্যা দিয়াৰ সমান্তৰালভাৱে এই ছিদ্ৰটোৰ আকাৰ সময়ৰ লগে লগে বাঢ়ি যোৱা বুলিও দাবী কৰিছে । বৰ্তমান এই ছিদ্ৰটোৰ আকাৰ ১০ লাখ বৰ্গ কিলোমিটাৰ । কিন্তু অহা তিনি-চাৰিমাহৰ পাছত সেই আকাৰ ২ ৰ পৰা ৩ কোটি বৰ্গকিলোমিটাৰ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ।
বিজ্ঞানীৰ দলটোৰ মতে অ’জন স্তৰত সৃষ্টি হোৱা এই ছিদ্ৰটোৱে পৃথিৱীৰ জনস্বাস্থ্যৰ ওপৰত মাৰাত্মক প্ৰভাৱ পেলাব । উল্লেখ্য যে, অ’জন স্তৰৰ কাৰ্যকৰিতা সম্পৰ্কে প্ৰত্যেকেই অৱগত । সূৰ্যৰ পৰা নিৰ্গত হোৱা জীৱকুলৰ বাবে সাংঘাটিক ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি তাৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা পৃথিৱীক ৰক্ষা কৰে অ’জন স্তৰে । কিন্তু বায়ুমণ্ডলত মাত্ৰাধিক প্ৰদূষণৰ পৰিণতিত অ’জন স্তৰ যথেষ্ট পাতল হৈ আহিছে । এতিয়া পৃথিৱীৰ সুৰক্ষা কৱচ ৰূপে চিহ্নিত অ’জন স্তৰত বৃহৎ ছিদ্ৰ সৃষ্টি হোৱাৰ লগে লগেই অতি বেঙুনীয়া ৰশ্মিয়ে বাধাহীনভাৱেই গ্ৰাস কৰিব পৃথিৱীৰ ভূপৃষ্ঠক । যাৰ মাৰাত্মক প্ৰভাৱক লৈয়েই সম্প্ৰতি চিন্তিত বিজ্ঞানীসকল । অ’জন স্তৰত হঠাতে কিয় বৃহৎ ছিদ্ৰ সৃষ্টি হ’ল তাৰ কাৰণ বৰ্তমানলৈকে নিৰ্ণিত হোৱা নাই যদিও অত্যধিক ঠাণ্ডা আৰু প্ৰদূষণৰ পৰিণতিতেই এই প্ৰাকৃতিক পৰিঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে । কিন্তু ইয়াৰ বিপৰীতে একাংশ বিজ্ঞানীৰ মতে, প্ৰদূষণ তুলনামূলকভাৱে কমকৈ থকা মেৰু অঞ্চলৰ তাপমাত্ৰাৰ তাৰতম্যৰ বাবে বায়ুমণ্ডলত এই পৰিৱৰ্তন হোৱা নাই । উষ্ণ আৰু শীতল বায়ুৰ সংঘাতত মেৰু ঘূৰ্ণাৱৰ্তও কম । পিছে ঘূৰ্ণাৱৰ্ত নাথাকিলেও বায়ুমণ্ডলৰ নিৰ্দিষ্ট স্তৰত অ’জন গেছ থাকি যায় । ফলত তাক ভেদ কৰাটো সহজ । সমগ্ৰ বিষয়টোৰ ৰহস্য ভেদ কৰাৰ বাবে বিজ্ঞানীসকলে সম্প্ৰতি গৱেষণা অব্যাহত ৰাখিছে । সুমেৰু অঞ্চলৰ বায়ুমণ্ডলৰ অ’জন স্তৰত সৃষ্টি হোৱা বৃহৎ ছিদ্ৰই পৃথিৱীৰ অৱহাৱাৰ ওপৰত কিমান বিৰূপ প্ৰভাৱ পেলাব , সেয়াও স্পষ্ট হ’ব এই গৱেষণালব্ধ তথ্যতেই ।