নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ মাজতে দেওবাৰে সন্ধিয়া ভূমিকম্পই জোকাৰি গ’ল দিল্লী আৰু এন চি আৰ । দিল্লীৰ লগতে গাজিয়াবাদ, নয়দা, গ্ৰেটৰ নয়দা আদিত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।
উল্লেখ্য যে প্ৰায় ৩.৫ প্ৰাব্যলৰ এই ভূমিকম্পটো ৫ ছেকেণ্ড ধৰি অনুভূত হোৱা বুলি জানিব পৰা গৈছে ।
Epicentre of the earthquake in East Delhi, 3.5 on richter scale: IMD https://t.co/uTfshQkYh3
— ANI (@ANI) April 12, 2020
ইফালে ভূমিকম্পৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰি দিল্লীৰ সকলো বাসিন্দাই সুৰক্ষিত থকাক লৈ প্ৰাৰ্থণা কৰে ।
Tremors felt in Delhi. Hope everyone is safe. I pray for the safety of each one of you.
— Arvind Kejriwal (@ArvindKejriwal) April 12, 2020