মেঘালয়ত COVID-19 ৰ প্ৰথমটো ঘটনা
নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ সোমবাৰে নিশা পোহৰলৈ আহিল মেঘালয়ত COVID-19 ৰ প্ৰথমটো ঘটনা । বেথানী হাস্পতালত কৰ্মৰত এজন ৬৯ বছৰীয়া চিকিৎসক আক্ৰান্ত হৈছে ক’ভিড-১৯ ত । ইপিনে চিকিৎসকজনৰ নাছিল কোনো ট্ৰেভেল হিষ্ট্ৰী । ইয়াৰ পাছত ৰাজ্যখনৰ বেথানী হাস্পতালৰ সকলো লোককে কোৱাৰেণ্টাইন কৰা হৈছে ।
উল্লেখ্য যে এতিয়ালৈতে ক’ৰোনা সংক্ৰমণ নোহোৱা একমাত্ৰ ৰাজ্য হৈ আছে ছিকিম ।