সকলো ৰেকৰ্ড ভংগঃ ১০৭ বছৰীয়া বৃদ্ধাৰ হাতত পৰাজিত ক’ৰোনা
নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ ক’ভিড-১৯ ৰ ফলত সমগ্ৰ বিশ্বতে বয়সস্থ লোকৰ মৃত্যুৰ হাৰ বেছি । বয়স্ক লোকৰ মৃত্যুৰ হাৰ বেছি হ’লেও কিন্তু একাংশ বয়স্ক লোকে সকলোকে হতবাক কৰি পৰাভূত কৰিবলৈ সক্ষম হৈছে মাৰাত্মক ক’ৰোনা ভাইৰাছ । কিছুদিন পূৰ্বে এগৰাকী ১০৩ বছৰীয়া বৃদ্ধাই ক’ৰোনাক জয় কৰাৰ খবৰ আহিছিল যদিও এইবাৰ ১০৭ বছৰীয়া এগৰাকী বৃদ্ধাই ক’ৰোনাক জয় কৰাৰ খবৰ চৰ্চিত হৈ পৰিছে সমগ্ৰ বিশ্বত ।
৮০ , ৯০ অথবা ১০০ উৰ্দ্ধৰ বহু বয়স্ক লোকে ক’ৰোনাক জয় কৰাৰ খবৰ আহিছিল যদিও এইবাৰ সেই সকলো ৰেকৰ্ড ভংগ কৰিলে এগৰাকী ১০৭ বছৰীয়া বৃদ্ধাই । কৰ্নেলিয়া ৰাছ নামৰ এইগৰাকী বৃদ্ধাই নিজৰ ১০৭ বছৰীয়া জন্মদিন পালন কৰাৰ পৰৱৰ্তী দিনটোতে অসুস্থ হৈ পৰে । অসুস্থ হোৱাৰ পাছত নেডাৰলেণ্ডৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বৃদ্ধাগৰাকীক । পৰীক্ষাৰ অন্তত কৰ্নেলিয়াৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।
চিকিৎসা অব্যাহত থকাৰ সময়তে আঢ়ৈ সপ্তাহৰ ভিতৰতে ক্ৰমান্বয়ে সুস্থ হৈ উঠে এইগৰাকী কৰ্নেলিয়া ৰাছ । পৰৱৰ্তী সময়ত চিকিৎসকে ক’ৰোনা ভাইৰাছৰ পৰা সম্পূৰ্ণৰূপে মুক্ত বুলি ঘোষণা কৰে ১০৭ বছৰীয়া বৃদ্ধাগৰাকীক । এই পৰ্যন্ত বিশ্বৰ ভিতৰতে ক’ৰোনা ভাইৰাছৰ পৰা মুক্তি লাভ কৰা সবাতোকৈ বয়স্ক মহিলা হৈছে কৰ্নেলিয়া ৰাছ ।
বিশ্বৰ প্ৰতিটো প্ৰান্তত ক’ৰোনাই কালৰূপ ধাৰণ কৰাৰ পাচতো এনে কেতবোৰ ইতিবাচক খবৰে এতিয়া সকাহ দিছে আতংকিত জনগণক । মূলতঃ আত্মবিশ্বাস আৰু মনোবলৰ বাবেই এতিয়া এইসকল শতক অতিক্ৰম কৰা লোকে পৰাভূত কৰিবলৈ সক্ষম হৈছে ক’ভিড-১৯ ক ।