নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ সজাগতাৰ বাবে যোৱা আৰক্ষী-স্বাস্থ্যকৰ্মীক আক্ৰমণ উন্মত্ত লোকৰ

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ লকডাউনৰ মাজতে বিহাৰত অঘটন । ক’ৰোনাৰ সজাগতাৰ বাবে যোৱা আৰক্ষী-স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰে একাংশ অজ্ঞানী উন্মত্ত লোকে । যাৰ ফলত স্বাস্থ্যকৰ্মীৰ লগতে ৫ জনকৈ আৰক্ষী গুৰুতৰভাৱে আহত হয় ।

ঘটনা অনুসৰি আৰক্ষীয়ে বহু সময় ধৰি বিহাৰৰ চাম্পাৰন জিলাত ৰাইজে সামাজিক দূৰত্ব মানি নচনা আৰু লকডাউনৰ নীতি-নিৰ্দেশনা উলংঘন কৰাৰ বিষয়ে অভিযোগ লাভ কৰিছিল । যাৰ বাবে স্বাস্থ্যকৰ্মীক লগত লৈ এক সজাগতমূলক কাৰ্যসূচী ৰূপায়ন কৰিবলৈ চেষ্টা চলাইছিল । কিন্তু অজ্ঞানী লোকসকলে আৰক্ষীৰ এই কাৰ্যত বাধা সৃষ্টি কৰি তেওঁলোকক আক্ৰমণ কৰে ।

You might also like