চীনৰ লেবৰেটৰীৰ পৰা মানৱ দেহলৈ সংক্ৰমিত হৈছিল কালান্তক ক’ৰোনা
ৱাশ্বিংটন প'ষ্ট, ফক্স নিউজৰ বিস্ফোৰক প্ৰতিবেদন
- মনোজ কুমাৰ নাথ
ক’ৰোনা ভাইৰাছৰ অভিকেন্দ্ৰ চীনৰ য়ুহানৰ এটা বিশেষ লেবৰেটৰী । য়ুহান চহৰৰ জনবসতিৰ পৰা নিলগত পাহাৰীয়া জংঘলেৰে আৱৰা এটা পুখুৰীৰ পাৰত অৱস্থিত এই লেবৰেটৰীটো । জনচক্ষুৰ পৰা দূৰত থকা এই লেবৰেটৰীটোতে এতিয়া নিবদ্ধ হৈছে সমগ্ৰ বিশ্বৰ দৃষ্টি । বিশ্বৰ বিজ্ঞানী মহলৰ বাবে কৌতুহলৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই লেবৰেটৰীটো প্ৰায় ৩২ হাজাৰ বৰ্গফুট আৱৰি থকা এই লেবৰেটৰীটোৰ ৱালত আঁৰি থোৱা আছে এক সতর্কবাণী– ‘আতংকিত নহ’ব, শক্তিশালী প্রতিৰোধ আৰু নিয়ন্ত্রণ ব্যৱস্থা আছে৷ আনুষ্ঠানিক ঘোষণাত মনোযোগ দিয়ক, বিজ্ঞানত বিশ্বাস ৰাখক, উৰাবাতৰি নিবিয়পাব৷’ য়ুহান ইনষ্টিটিউট অৱ ভাইৰ’লজী নামৰ এই লেবৰেটৰীটোৰ পৰাই বিশ্বজুৰি মহামাৰী ৰূপ লোৱা ন’ভেল ক’ৰোনা ভাইৰাছৰ প্রথম মানৱ দেহলৈ সংক্রমণ ঘটা বুলি প্রকাশ পোৱাৰ পাছতেই বিতর্কৰ কেন্দ্রবিন্দু হৈছে এছিয়াৰ সর্ববৃহৎ ভাইৰাছ লেবৰেটৰীটো৷ উল্লেখ্য যে য়ুহান ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ চাইনা চেণ্টাৰ ফ’ৰ ভাইৰাছ কালচাৰ কালেক্টচন লেবৰেটৰীটোত সংৰক্ষিত হৈ আছে ইব’লাকে ধৰি বিশ্বৰ অতিকে মাৰাত্মক প্রায় ডেৰ হাজাৰ ভাইৰাছ৷ যিটো লেবৰেটৰীক এছিয়াৰ সর্ববৃহৎ ভাইৰাছ বেংক বুলি অভিহিত কৰা হয়৷ ২০১৫ চনত স্থাপন হোৱা এই লেবৰেটৰীটোত শক্তিশালী নিৰাপত্তা ব্যৱস্থাৰে বিপজ্জনক পি–৪ ভাইৰাছৰ ওপৰত পৰীক্ষা চলোৱা হয, যিসমূহ ভাইৰাছ মানৱ দেহৰ পৰা মানৱ দেহলৈ সংক্রমিত হয়৷ য়ুহান ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ পূর্বে স্থাপিত পি–৩ লেবৰেটৰীত ২০১২ চনৰ পৰাই চার্চ ক’ৰোনা ভাইৰাছৰ ওপৰত পৰীক্ষা–নিৰীক্ষা চলি আহিছে৷ শেহতীয়াকৈ যোৱা সপ্তাহত বিশ্বৰ শীর্ষ সংবাদ মাধ্যম ‘দ্য ৱাশ্বিংটন প’ষ্ট’ আৰু ‘ফক্স নিউজ’ত সম্প্রতি সমগ্র বিশ্বত ত্রাস সৃষ্টি কৰি এইপর্যন্ত ডেৰ লক্ষ লোকৰ মৃত্যুৰ কাৰণ হোৱা ন’ভেল ক’ৰোনা ভাইৰাছ এই লেবৰেটৰীটোৰ পৰাই অসাৱধানবশতঃ মানৱ শৰীৰলৈ সংক্রমিত হোৱাৰ সম্ভাৱনা প্রবল বুলি বাতৰি প্রকাশ পোৱাৰ লগে লগে বিশ্বজুৰি চাঞ্চল্য সৃষ্টি হয়৷ ‘দ্য ৱাশ্বিংটন প’ষ্ট’ৰ ১৪ এপ্রিলৰ সংখ্যাত প্রকাশ পোৱা জ’ছ ৰ’গিনৰ এটা এই সম্পর্কীয় নিবন্ধ প্রকাশ পায়৷ নিবন্ধটোত ন’ভেল ক’ৰোনা ভাইৰাছ সংক্রমণ হোৱাৰ দুবছৰ পূর্বেই আমেৰিকা যুক্তৰাষ্ট্রৰ চীন দূতাবাসৰ উচ্চস্তৰীয় দল এটাই য়ুহান ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ নিৰাপত্তা সম্পর্কীয় বিষয়ত সন্দেহ প্রকাশ কৰি আমেৰিকা যুক্তৰাষ্ট্রৰ বৈদেশিক বিভাগক জৰুৰী বার্তা প্রেৰণ কৰা বুলি উল্লেখ কৰা হয়৷ লগতে কোৱা হয় যে বেইজিংস্থিত আমেৰিকাৰ দূতাবাসে প্রেৰণ কৰা এই দলটোৱে য়ুহানৰ এই লেবৰেটৰীটোত অতি বিপজ্জনকভাৱে বাদুলিৰ পৰা সংক্রমিত ক’ৰোনা ভাইৰাছৰ ওপৰত গৱেষণা চলাই থকা বুলি উল্লেখ কৰিছিল৷ ক’ভিড–১৯এ মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ দুবছৰ পূর্বে আমেৰিকাৰ উচ্চস্তৰীয় দলে কৰা এনে মন্তব্য পোহৰলৈ অহাৰ পাছতে এতিয়া চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে চীনৰ এই লেবৰেটৰীটো ৷
চীনৰ য়ুহানত প্রথম ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ হৈ ক’ভিড–১৯এ মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পাছত চলোৱা বিভিন্ন পৰীক্ষা–নিৰীক্ষাৰ অন্তত বিজ্ঞানীসকলে মত পোষণ কৰিছিল যে এই ভয়াৱহ ভাইৰাছটো বাদুলিয়ে বহন কৰে৷ কিন্তু বাদুলিৰ পৰা প্রত্যক্ষভাৱে মানৱ দেহলৈ এই ভাইৰাছ সংক্রমিত নহয় বুলি উল্লেখ কৰি বিজ্ঞানীসকলে চীনৰ য়ুহানত উপলব্ধ বনৰৌ অথবা পাংগালীন নামৰ এটা বিশেষ প্রাণীৰ পৰা মানৱ দেহলৈ সংক্রমণ হোৱাৰ আশংকা প্রকাশ কৰিছিল৷ উল্লেখ্য যে এই দুয়োবিধ প্রাণীৰ মাংস চীনৰ য়ুহানত পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ হয় আৰু য়ুহানৰ নিকটৱর্তী অঞ্চলত এই দুয়োবিধ প্রাণীৰ এখন চোৰাং বজাৰ আছে৷ এই বজাৰখনৰ পৰাই মাৰাত্মক ভাইৰাছটো সংক্রমিত হোৱা বুলি প্রাৰম্ভিক অধ্যয়নত সন্দেহ কৰা হৈছিল৷ কিন্তু শেহতীয়াকৈ চীনৰ এটা গৱেষকৰ দলে যোৱা জানুৱাৰী মাহত প্রকাশ কৰা অধ্যয়নত য়ুহানত প্রথমে মহামাৰীৰ ৰূপ লোৱা ন’ভেল ক’ৰোনা ভাইৰাছ প্রদেশখনৰ জীৱ–জন্তুৰ চোৰাং বজাৰখনৰ পৰা সংক্রমিত হোৱা বুলি প্রকাশিত তথ্য অস্বীকাৰ কৰি কয় যে য়ুহানত প্রথম ক’ভিড–১৯ত আক্রান্ত হোৱা ১৩জন লোকৰ এজনৰো এই চোৰাং বজাৰখনৰ সৈতে সম্পর্ক নাছিল৷ গতিকে এই বজাৰখনৰ পৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ তথ্যৰ ক্ষেত্রত গ্রহণযোগ্যতা হ্রাস পায় আৰু দ্বিতীয় চিন্তাৰ অৱকাশ ঘটে৷ এনে সময়তে আমেৰিকাৰ সংবাদ মাধ্যমত য়ুহানৰ লেবৰেটৰীৰ পৰা ভাইৰাছটো মানৱ দেহলৈ সংক্রমিত হ’ব পাৰে বুলি প্রকাশিত বাতৰিয়ে বিশেষ চর্চা লাভ কৰে৷ ‘দ্য ৱাশ্বিংটন’ত প্রকাশিত নিবন্ধটোৰ মতে, ২০১৮ চনৰ জানুৱাৰী মাহত বেইজিঙৰ আমেৰিকান দূতাবাসে য়ুহান ইনষ্টিটিউট অৱ ভাইৰ’লজীলৈ প্রেৰণ কৰিছিল এটা বিজ্ঞানীৰ দল৷ জেমিচন ফুৱাছ নামৰ য়ুহানৰ কনছুল জেনেৰেলজনে নেতৃত্ব দিয়া এই দলটোত আমেৰিকান দূতাবাসৰ বিজ্ঞান, প্রযুক্তি, স্বাস্থ্য আৰু পৰিৱেশ বিষয়ক শীর্ষ বিষয়া ৰিক ছুইট্জাৰো আছিল৷ এই দলটোৰ পৰিদর্শনৰ বিষয়ে লেবৰেটৰীটোৰ ৱেবছাইটত উল্লেখ আছিল যদিও ক’ৰোনা মহামাৰীৰ পাছত সেয়া আঁতৰাই দিয়া হয়৷ এই লেবৰেটৰীটো পৰিদর্শনৰ পাছত আমেৰিকান দূতাবাসৰ দলটোৱে যুক্তৰাষ্ট্রৰ বৈদেশিক বিভাগক দুটা জৰুৰী কূটনৈতিক বার্তা প্রেৰণ কৰে ৷
প্রথম বার্তাটোত দলটোৱে এই লেবৰেটৰীটোত প্রশিক্ষিত টেক্নিচিয়ান আৰু অনুসন্ধানকাৰী ব্যক্তিৰ অভাৱ ঘটা বুলি কর্তৃপক্ষই এওঁলোকক অৱগত কৰাৰ কথা উল্লেখ কৰে৷ আনহাতে, উক্ত লেবৰেটৰীটোত গৱেষণা চলাই থকা বাদুলিৰ পৰা সংক্রমিত চার্চ ক’ৰোনা ভাইৰাছৰ গৱেষণাৰ বাবে য়ুহান ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ কর্তৃপক্ষই টেক্সাছ বিশ্ববিদ্যালয়ৰ চিকিৎসা শাখাৰ গালভেষ্ট’ন নেচনেল লেবৰেটৰীৰ সহায় বিচৰা বুলি দূতাবাসৰ দলটোৱে উল্লেখ কৰি এনে বিপজ্জনক গৱেষণাৰ ক্ষেত্রত আমেৰিকাই সহায় কৰা প্রয়োজন বুলি মন্তব্য আগবঢ়াইছিল৷ এই বার্তাৰ পৰাই এই বিপজ্জনক লেবৰেটৰীটোত চলি থকা গৱেষণাসমূহ যে নিৰাপদ নহয়, সেয়া প্রকাশ পাইছে৷ ইতিমধ্যে ন’ভেল ক’ৰোনা ভাইৰাছ কোনো কাৰণতে মানৱসৃষ্ট ভাইৰাছ নহয় বুলি বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিছে৷ বিজ্ঞানী মহলে এই ভাইৰাছ বাদুলিৰ দেহৰ পৰা জন্তুলৈ আৰু জন্তুৰ পৰা মানৱ দেহলৈ সংক্রমিত হোৱাৰ প্রাৰম্ভিক অধ্যয়নো এতিয়া সন্দেহৰ আৱর্তত সোমাই পৰাত দ্বিতীয় যুক্তি হিচাপে লেবৰেটৰীত চলা অধ্যয়নৰ সময়ত এই ভাইৰাছটো সংক্রমিত হৈছে নেকি বুলি উত্থাপিত প্রশ্ণটো চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ এনে প্রেক্ষাপটতে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে য়ুহান ইনষ্টিটিউট অৱ ভাইৰ’লজীত৷ ফলস্বৰূপে এই মহামাৰীৰ দুবছৰ পূর্বে লেবৰেটৰীটো পৰিদর্শন কৰি আমেৰিকাৰ বিজ্ঞানীৰ দলটোৱে প্রেৰণ কৰা বার্তা দুটা অতিকে গুৰুত্বপূর্ণ হৈ পৰিছে৷ ইতিমধ্যে হোৱাইট হাউছৰ শীর্ষ বিষয়াবর্গৰ মাজত এই কূটনৈতিক বার্তাক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে৷ অৱশ্যে বিজ্ঞানী মহলে লেবৰেটৰীৰ পৰা এনে সংক্রমণ হ’লেও সেয়া কোনো কাৰণতে ইচ্ছাকৃত নহয়, দুর্ঘটনাবশতঃহে হ’ব পাৰে বুলি বাৰে বাৰে স্পষ্ট কৰি দিছে৷ এই বাতৰি প্রকাশ পোৱাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে য়ুহান ইনষ্টিটিউট অৱ ভাইৰ’লজীলৈ আগবঢ়োৱা সকলো বিত্তীয় অনুদান বন্ধ কৰি দিছে৷ উল্লেখ্য যে বৰাক অ’বামাৰ কার্যকালত সেই লেবৰেটৰীটোলৈ ৩.৭ মিলিয়ন ইউ এছ ডলাৰৰ অর্থসাহায্য আগবঢ়োৱা হৈছিল৷ ইতিমধ্যে এই বিষয়টোৰ ক্ষেত্রত ট্রাম্প প্রশাসনে উচ্চস্তৰীয় তদন্ত ঘোষণা কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ বৈদেশিক সচিব মাইক পম্পী’ৱে ন’ভেল ক’ৰোনা ভাইৰাছটো চীনৰ ক’ৰ পৰা সংক্রমিত হৈছে, সেয়া বিশেষভাৱে তদন্ত হ’ব বুলি উল্লেখ কৰি কয় যে য়ুহান ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ পৰা এই ভাইৰাছটো সংক্রমিত হোৱা বুলি প্রকাশিত বাতৰিৰ ক্ষেত্রত চীন চৰকাৰে বিশ্ববাসীক প্রকৃত তথ্য অৱগত কৰা প্রয়োজন৷ তেওঁ লগতে কয়– আমি সকলোৱে জানো, চীনৰ এই লেবৰেটৰীটোত পৃথিৱীৰ কোনো বিজ্ঞানীয়ে প্রৱেশৰ অনুমতি লাভ নকৰে, তাত কি গৱেষণা চলি আছে গম পোৱা নাযায়৷ চীন চৰকাৰে যি তথ্য আগবঢ়ায়, তাকেই সমগ্র বিশ্বই মানিবলৈ বাধ্য৷ কিন্তু ন’ভেল ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বতে মহামাৰীৰ ৰূপ লোৱাৰ পাছত এই সম্পর্কীয় তথ্য গোপন নকৰিবলৈও তেওঁ চীন চৰকাৰৰ প্রতি আহ্বান জনায়৷ ক’ৰোনাই বিশ্বজুৰি আতংক সৃষ্টি কৰাৰ সময়তে এই মাৰাত্মক ভাইৰাছটোৰ প্রথম সংক্রমণক লৈ প্রকাশ পোৱা এনে বিস্ফোৰক তথ্যসমূহে এতিয়া সমগ্র বিশ্বৰ বিজ্ঞানী মহলতে তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ বিশেষকৈ চীন চৰকাৰে বহু তথ্য গোপন কৰা বিষয়টোৱে নতুন নতুন সন্দেহৰ অৱতাৰণা কৰিছে ৷