ৰাজহুৱা স্থানত থু পেলালে ভৰিব লাগিব ১০০০ টকা জৰিমনা
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰৰ লগতে প্রতিটো বিভাগে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ কেন্দ্রীয় চৰকাৰে আজি ৰাজহুৱা স্থানত থু পেলোৱা আৰু প্রস্রাৱ কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছে৷ ইয়াৰ পাছতে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই মহানগৰীৰ ৰাজহুৱা স্থানত থু, খেকাৰ পেলোৱা আৰু ৰাজহুৱা স্থানত প্রস্রাৱ কৰিলে আইনী ব্যৱস্থা গ্রহণ কৰিব বুলি নির্দেশনা জাৰি কৰে৷ লগতে মহানগৰীত সুৰা, গোটখা, ধপাত বিক্রীৰ ক্ষেত্রতো নিষেধাজ্ঞা জাৰি কৰে৷ গোটা আৱর্জনা বিধি–২০১৬ আৰু গুৱাহাটী পৌৰ নিগম আইন ১৯৭১ অনুসৰি ৰাজহুৱা স্থান, পথ, পদপথ, পথ বিভাজক আদিত থু, খেকাৰ পেলোৱাটো এক অপৰাধ৷ ৰাজহুৱা স্থানত এই কু–কার্য কৰিলে ১০০০ টকা জৰিমনা ভৰিব লাগিব৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবেই এই ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি পৌৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাই জানিবলৈ দিছে৷ লগতে তেওঁ এইক্ষেত্রত মহানগৰবাসীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে৷