নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ব’ষ্টন গ্ল’ব’ৰ ১৫ পৃষ্ঠাৰ মৃত্যুৰ বিজ্ঞাপনেৰে নতুন অভিলেখ

নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ ক’ৰোনা ভাইৰাছ মহামাৰীত আটাইতকৈ আক্রান্ত আমেৰিকাৰ এখন সংবাদ–পত্রই ১৫ পৃষ্ঠাকৈ মৃত্যু সম্পর্কীয় বার্তাৰ বিজ্ঞাপন প্রচাৰ কৰা ঘটনাই বিশ্বজুৰি সৃষ্টি কৰিছে শিহৰণ ৷ ৭ লাখ ৫৮ হাজাৰতকৈ অধিক লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা আমেৰিকাত প্রাণ হেৰুৱাইছে ৪০ সহস্রাধিকে ৷ দেশখনৰ ব’ষ্টন গ্ল’ব নামৰ দৈনিক কাকতখনে দেওবাৰে ১৫ পৃষ্ঠাকৈ মৃত্যু সম্পর্কীয় বার্তাৰ বিজ্ঞাপন প্রকাশ কৰিছে ৷ মাছাচুছেটছৰ এই কাকতখনে এটা সংস্কৰণতে ইমানসংখ্যক লোকৰ মৃত্যুৰ বিজ্ঞাপন প্রকাশ কৰি আমেৰিকাৰ সংবাদ–পত্রত নতুন অভিলেখ সৃষ্টি কৰিছে৷ স্মর্তব্য যে মাছাচুছেটছত ৩৮ সহস্রাধিক লোক মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে৷ মাছাচুছেটছত এই ভাইৰাছবিধত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ১৭ সহস্রাধিক লোকে৷ লক্ষণীয়ভাৱে সংবাদ–পত্রখনে এই মৃত্যুৰ বিজ্ঞাপন প্রকাশ কৰাৰ লগে লগে ৰিপাব্লিকান গৱর্নৰ চার্লি বাকেৰে এয়া ‘ৰাষ্ট্রৰ চেহেৰা’ বুলি অভিহিত কৰিছে৷ বর্তমান ক’ৰোনা মহামাৰীৰ মধ্যস্তৰত আমেৰিকা উপনীত হোৱা বুলিও গৱর্নৰগৰাকীয়ে উল্লেখ কৰিছে ৷

You might also like