নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা যোদ্ধাৰ ওপৰত আক্ৰমণঃ গাড়ীৰে ASI ক প্ৰাণে মৰাৰ চেষ্টা; চাওক ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ২ মেঃ পঞ্জাৱত ক’ৰোনা যোদ্ধাৰ ওপৰত দিন দুপৰতে আক্ৰমণ । পঞ্জাৱৰ জলন্ধৰত লকডাউনৰ সময়ত ৰাজপথত কৰ্মৰত এজন আৰক্ষী উপ পৰিদৰ্শকক এজন লোকে ব্যক্তিগত বাহনেৰে মহটিয়াই নি প্ৰাণে মৰাৰ চেষ্টা কৰে ।

এই সমগ্ৰ ঘটনাৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে । ভিডিঅ’টোত প্ৰত্যক্ষ কৰা অনুসৰি, এজন লোকক আৰক্ষী বিষয়াজনে লকডাউনৰ নীতি-নিৰ্দেশনা নামানি উলাই অহাৰ বাবে সোধ-পোছৰ বাবে ৰখোৱাৰ চেষ্টা কৰে । কিন্তু লোকজনে তেওঁৰ গাড়ীখন নৰখাই আৰক্ষী বিষয়াজনক মহটিয়াই নিয়াৰ চেষ্টা কৰে । অৱশ্যে সুভাগ্যক্ৰমে আৰক্ষী উপ পৰিদৰ্শকজনে গাড়ীৰ বনেটত ধৰি লোৱাত মৃত্যুৰ পৰা বাছে । পাছত এই অভিযুক্ত লোকজনক আৰক্ষীয়ে কৰায়ত্ত কৰে ।

ইতিমধ্যে ধৃত গাড়ীচালক অনমুল মেহনী আৰু পাৰমিন্দাৰ কুমাৰক (গাড়ীৰ মালিক) গ্রেপ্তাৰ কৰা হৈছে । লগতে তেওঁলোকৰ বিৰুদ্ধে হত্যাৰ চেষ্টা আৰু অন্যান্য অভিযোগ তুলি এক গোচৰ ৰুজু কৰা হৈছে বুলি পঞ্জাৱ আৰক্ষীৰ সঞ্চালক প্ৰধান দিনকাৰ গুপ্তাই জানিবলৈ দিছে ।

You might also like